পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


যদি আত্ম-সমৰ্পণেই কৰিব লাগে, তেন্তে বলক, আপুনি মই উভয়ে আত্ম-সমৰ্পণ কৰোঁ গৈ৷ জী-জোঁৱাই ধনৰালৈ যাওক৷” শহুৰ শাহুৰ এই কথা শুনি মহীৰামে আঠু লৈ জনালে—“মাতৃ! পিতৃ! আমিও আপোনালোকক এই বিপদত এৰি কাপুৰুষৰ দৰে নিজে বাচিবলৈ কলৈকো নাযাওঁ৷ এপৰৰ মুৰতে আহোম আহি এইখিনি পাব৷ বলক, আমি সৌ দূৰত যে সন্ধ্যাৰ ঝাৰখন দেখিছে তাৰে ভিতৰত আশ্ৰয় লওঁ গৈ৷ যেতিয়া আহোম সৈন্য উলটি যাৰ তেতিয়া আমি তাৰ পৰা ওলাই দেশ এৰি বিজনি বা গৌৰীপুৰলৈ যাম গৈ৷ ”
 মহীৰামৰ এই কথাকে যুক্তি সঙ্গত যেন দেখি বৰুৱাণীয়ে লৰৰ বেগতে যি দুডোখৰ কানি-কাপোৰ লব পাৰিলে ললে, আৰু অলঙ্কাৰ পাতি হাতত লুকুৱা অলপ ধনবিত যি আছিল তাকো লৈ বেগাবেগিকৈ চাৰিটি প্ৰাণী আৰু লগতে পদ্মকুমাৰীৰ হাত ধৰি লিগিৰীজনীক লৈ সন্ধ্যাৰ ঝাৰৰ ভিতৰত সোমাল গৈ৷ ওচৰৰ গোত জ্ঞাতিয়ে বীৰদত্তৰ পৰিয়ালৰ দাহন কাৰ্য্যাদি কৰিলে৷
 সন্ধ্যাৰ ঝাৰৰ ভিতৰতে মহীৰামে লগত নিয়া সৰু দা আৰু তৰোৱালখানেৰে হাবিৰ মাজতে সৰু সৰু গছ কাটি অলপ-অচৰপ খেৰ কাটি ঝুপুৰি এটা সাজি পাঁচোজন তাতে পৰি ৰল৷ ইএালে আহোম সৈন্যই হৰদত্ত বৰুৱাৰ হাউলি সোমাই গৰু-মহ, ধান-ধন বয়-বস্তু যি পালে সোপাকে লুটি-