পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামৰূপ মাতৃৰ পৰা বিদায় লই অনন্তধামলৈ যাত্ৰা কৰিলে। আহোম ৰণুৱা সকলে চেঁচামুখৰ বাটেদি উত্তৰ কামৰূপৰ ভিতৰলৈ, বিশেষ জিকেৰি গাৱৰ ফাললৈ খোজ ললে। উদ্দেশ্য হৰদত্তক গই ধৰি অনাটো।


ছয়ত্ৰিংশ অধ্যায়।

 এইবাৰ কামৰূপত, বিশেষকৈ জিকেৰিত, আৰু হৰদত্তৰ ফলীয়া যি সকল বৰুৱা, চৌধাৰী আৰু প্ৰজা আছিল, সেই সকলৰ ভিতৰত হাহাকাৰ মিলিল। হৰদত্ত বৰুৱাৰ ঘৰত বীৰদত্তৰ মৃত্যুৰ বাতৰি পাই কান্দোনৰ ৰোল উঠিল। বীৰদত্তৰ পতিপ্ৰাণা সতী সহধৰ্ম্মিনীয়ে গিৰিয়েকৰ মৃত্যুৰ বাতৰি পায়েই ধাচ্‌ কৰে পৰি যি মুচ্‌কচ্‌ গ’ল তাৰ পৰা আৰু দুনাই সাৰ নাপালে। তেওঁ সেই পিনেই নশ্বৰ দেহা এৰি বৈকুণ্ঠী হল। হৰদত্তে কান্দোন-কাটনৰ মাজতো মহীৰাম, পদ্মকুমাৰী আৰু ঘৈণীয়েকক কলে:—“তোমালোকে ধনৰাত গৈ আশ্ৰয় লোৱা। ধনৰীয়া চৌধাৰী যেতিয়া এই বৰফুকনৰ সৈতে ভাল, তোমালোকক ৰক্ষা কৰিব পাৰিব। মই আত্ম সমৰ্পণ কৰোঁ”। ঘৈণীয়েকে কান্দি কান্দি কলেঃ—“আপুনি কয় কি? আমি নিজৰ প্ৰাণ বচাবলৈ ধনৰীয়াৰ ঘৰত চাপিম গৈ আৰু আপুনি আহোমৰ শূলত প্ৰাণত্যাগ কৰিব, এইটো হব নোৱাৰে।