পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰজাৰে মনৰ ভাব লবলৈ ধৰিলে। শিখে জোৰ জবৰদস্তি কৰি ৰছদ আৰু ধন উঠুৱাৰ বাবে যে কামৰূপীয়া বৰুৱা চৌধাৰীৰ দুই চাৰিজন হৰদত্তৰ ওপৰত বিৰক্তি হইছিল ইয়াকো জানি ললে। তাৰ পিছত তলে তলে কেবাজনো বৰুৱা চৌধাৰীক হাত কৰিলৈ তেওঁ হৰদত্তৰ বিৰুদ্ধে যুঁজিবলৈ বল বান্ধি ৰল।

 ইফালে আকৌ বৰুৱা চৌধাৰী সকলৰ পৰা সহায় নাপাই বৰং ঠায়ে ঠায়ে বৈৰীত আৰু বিৰূদ্ধ ভাব পাই বীৰদত্তেও মাহে মাহে কামৰূপীয়া বিষয়া সকলক শিখ লগোৱাই আৰু বেছিকৈ উৎপীড়ন কৰিবলৈ ধৰিলে। ইয়াতে কামৰূপীয়া অনেক বৰুৱা চৌধাৰীয়ে, বিশেষকৈ বিয়াত অপমান পাই থকা ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি অনেকেই তলে তলে বৰ ফুকনৰ শৰণাপন্ন হবলৈ ধৰিলে। ৺কলীৰা ভোমোৰা বৰফুকনে বঢ়িয়াকৈ জানিলে যে হৰদত্ত বীৰদত্তৰ পতন অনিবাৰ্য্য। তেওঁ খৰালিৰ ৰণলৈ বিপুল আয়োজন কৰি ৰল।


পঞ্চত্ৰিংশ অধ্যায়।

 ভাদ মাহ গাই আহিন পৰিল। বহাগৰে পৰা এই আহিন মাহলৈকে শিখ সকলে যিমান দূৰ পাৰিলে কাম- ৰূপীয়া প্ৰজাক লুটিলে। কামৰূপীয়া প্ৰজাইও ঠায়ে ঠায়ে দলবদ্ধ হই মাজে মাজে শিখ সকলক একো থেকচা দিলে।১৩