ওপৰত অত্যাচাৰ; আৰু ৰজা আৰু বুঢ়া গোহাঁই উভয়ে
এইটোও জানিলে যে বদনৰ নিচিনা বৰফুকনে দ্ৰোহটো
নিবাৰণ কৰিবলৈ অক্ষম। ইত্যাদি কাৰণে ৺কমলেশ্বৰ
সিংহ স্বৰ্গদেৱে বদন বৰফুকনক উজনিলৈ মাতি পঠিয়ালে
আৰু তেওঁৰ ঠাইত ৺কলীয়া ভোমোৰাক বৰফুকন পাতি
তেওৰ লগত ইউৰোপীয় ধৰণে শিক্ষিত পাঁচ শ অহোম
ৰণুৱা দি কামৰূপলৈ পঠিয়ালে। স্বৰ্গদেৱে ৺কলীয়া
ভোমোৰা বৰফুকনক দঢ়াই কলে যে তেও গই অতি শীঘ্ৰে
দ্ৰোহটো নিবাৰণ কৰিব লাগিব আৰু যদি যুঁজত নমৰি
হৰিদত্ত বৰদত্ত ধৰা পৰে, তেন্তে সিহঁতক শূলত দিব।
৺কলীয়া ভোমোৰা বৰফুকনে ৰজাৰ এই আদেশ লই
কামৰূপলৈ আহিল আৰু বহাগৰ মাহৰ ভিতৰতে গুৱাহাটী
পাই ৺বদন ববফুকনৰ পৰা যিমান দূৰ পাৰিলে কামৰূপৰ
ভিতৰুৱা অবস্থা সুধি-পুছি ললে।
বুৰঞ্জীত আছে যে কলীয়া ভোমোৰা বৰবিচক্ষণ,
ৰাজনীতিজ্ঞ আৰু তাৰ লগে লগে প্ৰায় লাচিত ফুকনৰে
নিচিনা বাহুবলী বীৰ আছিল। প্ৰবাদ আছিল, যে তেওঁৰ
গতি-বিধি এনেকুৱা আছিল যে তেওঁ কোন সময়ত কিদৰে
কাম কৰে তাক কেৱে আগতে হঠাতে জানিব নোৱাৰিছিল।
তেওঁ কামৰূপত ভৰি দিয়েই পোন প্ৰথমেই চোৰাংচোৱা
লগাই হৰদত্ত বীৰদত্তৰ গতি-বিধি লক্ষ্য কৰিবলৈ ধৰিলে।
ঠায়ে ঠায়ে কামৰূপীয়া দুই একজন বৰুৱা চৌধাৰী আৰু
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে