পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভয়ঙ্কৰ বিপ্লব হব৷ আহোমৰ ৰাজ্য নাথাকিব৷ তই মােৰ গুৰিলৈ সপৰিবাৰে আহিবি৷ ” এই কথা কইয়েই দেবী অন্তৰ্দ্ধান হল৷ হৰদত্ত “দুৰ্গে দুৰ্গে দুৰ্গতি নাশিনী, ভব ভয় হাৰিণী, তাৰিণী” বুলি সাৰ পালে৷ সাৰ পাই তেওঁ ভাবিব ধৰিলে৷ ভাবি ভাবি পালে যে, তেওঁৰ কি, তেওঁৰ ভায়েকৰো কোনো পুত্ৰ সন্তান নাই৷ আনকি দুয়ো ভায়েকৰ ভিতৰতে অকল পদ্মকুমাৰীত বাজে আন কোনো সতি-সন্তানেই নাই৷ সেই পদ্মকুমাৰীকে যেতিয়াই পাত্ৰস্থা কৰিছে, তেতিয়াই তেওঁৰ সংসাৰ-বন্ধন তো এক- প্ৰকাৰ ছিগিছেই৷ দেশৰ হঁকে তেও যথেষ্ট যুঁজ কৰিলে৷ এই পৰিমিত তেওঁ কামৰূপীয়াৰ গৌৰব ৰক্ষা কৰিছে৷ এতিয়া এই কামৰূপৰ বিষয়া আৰু প্ৰজা সকলেই যি স্থলত তেওঁক ভাল নোপোৱাত পৰিছে আৰু আহোমে সৈতে ৰণ কৰিবলৈ মান্তি নোহোৱাত পৰিছে, তেনে স্থলত তেওঁৰ আৰু দেশৰ হঁকে আহোমে সৈতেও ৰণ কৰাৰ ওৰ পৰিছে৷ এই ৰকমে ভাবি, এই কথাকে সাৰোগত কবি তেওঁ সেই নিশাৰে পৰা ৰণ, বিগ্ৰহ, বিষয় ইত্যাদি সমস্তৰে ধান্দা এৰি দিলে৷ মাথোঁন বীৰদত্তকে তেওঁ মাজে মাজে ক’ব ধৰিলে:— “বাপা বীৰদত্ত! আহোমৰ সৈতে আমাৰ ৰণ এৰাই ভাল৷ কামৰূপীয়া বৰুৱা, চৌধাৰী, প্ৰজা, সকলো আমাৰ ওপৰত অসন্তুষ্ট হইছে; শিখ সকলে প্ৰজাক পীড়ণ কৰিছে৷ ” বীৰদত্তে কলে:— “নহয় দাদা৷ এইবাৰ খৰা-