হৰদত্ত ভায়েকৰ এই কথা শুনি মনে মনে ৰল৷
বীৰদত্ত শিখ সেনাপতি কুমেদানক তেওঁলোকৰ ভিতৰুৱা
অৱস্থা সমস্তকে জনাই কলে—যে তেওঁলোকে দৰ্ম্মহা
আৰু ৰছদ নিজে নিজে এমাহত দুঘৰ বৰুৱা চৌধাৰী, আন
মাহত আন দুঘৰ বৰুৱা চৌধাৰীৰ পৰা আদায় কৰি লব৷
বীৰদত্তৰ এই আদেশ পাই কুমেদানৰ শিখ সকলে ইমাহত
চাৰি ঘৰ, সিমাহত চাৰি ঘৰ বৰুৱা চৌধাৰী আৰু তেওঁলোকৰ প্ৰজা সকলৰ পৰা জোৰ-জবৰদস্তি কৰি ৰচদ আৰু
দৰমহা আদায় কৰিব ধৰিলে৷ যেতিয়াৰে পৰা শিখ
সকলে এইদৰে জোৰ-জবৰদস্তি কৰি ৰছদ আৰু ধন তুলিব
ধৰিলে, তেতিয়াৰে পৰা কামৰূপীয়া বৰুৱা চৌধাৰী প্ৰজা
হৰদত্তৰ ওপৰত নাৰাজ হই উঠিল৷ তেওঁ বিলাকে
হৰদত্তক দেশৰ বৈৰী বুলি ভাবিৱ ধৰিলে৷ জাকে জাকে
প্ৰজাই আহি হৰদত্তৰ ওচৰত আৰাৱ কৰিব ধৰিলে৷
হৰদত্তে যথাসাধ্যে প্ৰজা সকলক বুজালে৷ কিন্তু এতিয়া
তেওঁৰ বুজনি মানে কোনে? ঠায়ে ঠায়ে শিখে আৰু
প্ৰজাই হতাহতি হব ধৰিলে৷ হৰদত্ত কিংকৰ্ত্তব্য-বিমূঢ় হল৷
শিখক ৰাখিলেও মৰণ, এৰি দিলেও মৰণ৷ তেওঁ নিজৰ
কপালকে গুণি-গাথি এনিশা শুই আছে; এনেতে সপোন
দেখিলে যেন দুৰ্গা দেবীয়ে আহি তেওঁক দেখা দি কইছে :-
”বাছা হৰদত্ত! তই বহুত দুখ পাইছ৷ তোৰ কৰ্ম্মও
শেষ হল৷ এই অসম ৰাজ্যত আৰু দহ বাৰ বছৰৰ পিছতে
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪১
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
