পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বীৰদত্ত জীয়াই নাথাকে৷ তেওঁৰ এই কথাত হৰদত্তে আকৌ কলে—যে “যি স্থলত কামৰূপীয়া বৰুৱা চৌধাৰী সকলেও তেওঁবিলাকৰ ধনেৰে আৰু ৰছদেৰেও সহায় কৰিবলৈ আগ নবঢ়াত পৰিল আৰু সেই সকলৰ পৰামৰ্শ মতেই কামৰূপীয়াৰ প্ৰজাও যুঁজলৈ নোলোৱাত পৰিল, পবিল, তেনেস্থলত নো তেওঁলোকে আৰু কেনেকৈ বৰফুকনেৰে সৈতে যুঁজিব৷ ইয়াৰ উত্তৰত বীৰদত্তে কলে যে — “যদি তেওঁ ( হৰদত্ত ) নিজৰ প্ৰাণলৈ ভয় কৰিছে, তেন্তে তেওঁ উঠি বিজনী বা বেহাৰ বা ৰংপুৰলৈ সপৰিবাৰে যাব পাৰে; কিন্তু তেওঁ হলে নাযায়৷ তেওঁ সেই দুশ শিখ, আৰু যি পায় কামৰূপীয়া প্ৰজা, তাকে লইয়েই যুঁজি থাকিব৷ যুঁজত জিকিব পাৰে যদি ভালেই, নোৱাৰে যদিও তেওঁ সেই যুঁজতেই প্ৰাণ ত্যাগ কৰিব৷ ” ভায়েকৰ এনেকুৱা তেজোপূৰ্ণ বাক্য শুনি হৰদত্তে কলে —“যদি তেওঁ বীৰদত্তে তেওঁৰ লগত কামৰূপ এৰি যাবলৈ সন্মত নহয়, তেন্তে তেঁৱো এনেকুৱা কাপুৰুষ নহয় যে তেওঁ ভায়েকক এৰি নিজৰ প্ৰাণ বচাবলৈ বিদেশলৈ যাব৷” তেওঁৰ এই কথাত বীৰদত্তে কলে যে—বাৰু, তেনেহলে তেওঁ (হৰদত্তে) একো চিন্তা নকৰিব৷ শিখক ৰছদ দিয়া, দৰ্ম্মহা দিয়া, যুঁজ চলোৱা সমস্ত ভাৰ তেওঁ ( বীৰদত্তে ) ললে৷ ককায়েকে মনে মনে ঘৰৰ কাম যি হয় কৰক, আৰু নিজৰ ইষ্ট-দেবীক ধ্যান কৰক৷