সাত বিহুৰ দিনাই আলচ যুক্তি হবলৈ বৰুৱা চৌধাৰী
সকলক নিমন্ত্ৰণ কৰিলে। প্ৰায় দুভাগেই সেই নিমন্ত্ৰণলৈ
নাহিল। যি এভাগ আহিছিল, সেই সকলেও জনালে
বে তেওবিলাকে আৰু ধনেৰে সহায় কৰিবলৈ অক্ষম।
বৰুৱা চৌধাৰী সকলে এই কথা কইয়েই নিজ নিজ ঘৰলৈ
উলটিল। হৰদত্ত বৰুৱা কিংকৰ্ত্তব্য-বিমুঢ় হল। তেওঁ-
বিলাক গুচি যোৱাৰ পিছত হৰদতে ভায়েক বীৰদত্তৰ সৈতে
পৰামৰ্শ কৰিলে। তেওঁ বীৰদত্তক কলে, যে যেতিয়া
কামৰূপীয়া বৰুৱা চৌধাৰী সকলে তেওঁক সহায় নকৰাত
পৰিল আৰু ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি দুই চাৰিজনে
তেওঁৰ বৈৰীও হই উঠিল, এনেস্থলত তেওঁলোকৰ উচিত
হল, যে তেওঁলোকে শিখ সকলক বিদায় দি বৰফুকনত
আত্ম-সমৰ্পণ কৰিব লাগে, নতুবা কামৰূপ ৰাজ্য এৰি
বিজনি বা বেহাৰ, বা ৰংপুৰ, এনেকুৱা ঠাইত গই আশ্ৰয়
লব লাগে। হৰদত্তৰ এই পৰামৰ্শত বীৰদত্তে মান্তি নহই
কলে—যে তেনেকুৱাটো সদ্যহতে কৰিব নোৱাৰি। বৰুৱা
চৌধাৰীসকলেই মত দি এই শিখ অনাইছে যেতিয়া,
তেতিয়া তেওঁবিলাকেই আৰু এবছৰ দুবছৰলৈ শিখক
পোহ-পাল দি ৰাখিবই লাগিব। ব্ৰহ্মপুত্ৰ নৈ পাৰ হই
গুৱাহাটীতে গই পাষণ্ড বৰফুকনটোক ধৰিবই লাগিব।
যদি তেওঁ তাকে কৰিব নোৱাৰে, তেন্তে তেওঁ নিজেই
আত্মহত্যা কৰিব। যুঁজ এৰি কাপুৰুষালী কৰিবলৈ
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩৯
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
