পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ত্ৰয়োত্ৰিংশ অধ্যায়৷
১৭৯৫ শঁক

 এই শঁকৰ বহাগ মাহৰে পৰা হেনো হৰদত্ত বৰুৱাৰ সুদিন গই দুৰ্দ্দিন আহিল৷ দৈবজ্ঞ সকলে তেওঁৰ সোঁৱৰণীৰ ফলাফল চাই কোৱা মতে তেওঁক অশুভ গ্ৰহ সকলে বেড়ি ধৰিলে৷ যুঁজৰ পিছৰ পৰা শিখ সকলক আকৌ মাহে মাহে ৰছদ আৰু দৰমহা দি থাকিব লগীয়া হোৱাত হৰদত্ত বৰুৱা আৰু বিষম সমস্যাত পৰিল৷ যদিও কামৰূপীয়া বৰুৱা চৌধাৰী সকলেই পৰামৰ্শ দি পঞ্জাবৰ পৰা শিখ ৰণুৱা অনাইছিল, তথাপি এতিয়া এই শিখ সকলক মাহে মাহে দৰমহা দিয়া আৰু ৰছদ দিয়া সমস্ত বোলা অকল হৰদত্তৰ মূৰতে পৰিল! হৰদত্তে পোনে প্ৰথমে বৰুৱা চৌধাৰী সকলক অনেক কাবৌ-মিনতি কৰি কিছু কিছু ৰছদ আৰু ধন আনি তাৰেই পাল মাৰিছিল৷ কিন্তু পিছত বৰুৱা চৌধাৰী সকলেও মাহে মাহে গুদগুদাব ধৰিলে৷ এনেয়ে আজি এই গত পাচ বছৰে আহোমে সৈতে বছৰি ৰণ কৰাত ঢেৰ কামৰূপীয়া প্ৰজা মৰিছে, খেতি খালা নষ্ট হইছে আৰু গত দুবছৰ শিখক মাহে মাহে দৰমহা দিয়াত হাতৰ কোঁচৰ ধনো গইছে; এতিয়া আকৌ মাহে মাহে শিখক খুৱাবলৈ আৰু দৰমহা দিবলৈ কামৰূপৰ বৰুৱা চৌধাৰী- সকলে টান পাব ধৰিলে৷ হৰদতে এই শঁকৰ বহাগৰ