পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সচৰাচৰ হই থকা ঘটনাৰ পিছত দৰা গাই হোম খলিত বহিল। ইফালে প্ৰকাণ্ড ৰভাৰ তলত এফালে গায়নবায়নৰ নটুৱাৰ নাচ হল। আনফালে বৰ্ণিবৰীয়া ঢুলীয়াহঁতে ভাও উলিয়াইছিল। সেই ঢুলীয়াৰ ভাওত ঢুলীয়াহঁতে গাইছিল—

ই বোলে মাইছানা    সি বোলে মাইছানা

মইছানা তিয়ঁহৰ জালি
আজি কালি কৰি    মাইছানা ডাঙ্গৰ হল

দুৱাৰে নোসোমায় গাৰি”।

যথা সময়ত হোম, সম্প্ৰদান আদি হই বিয়া সমাপ্ত হল। ভালেমান দিনৰ পিছত পৰম্পৰে পৰম্পৰক চিৰ জীৱনলৈ লভি পদ্ম আৰু মহীৰাম পৰম সুখী হল। বৰযাত্ৰী সকলে হেনো এই বিবাহত এফেৰা অপমান পাইছিল। হৰদত্ত বৰুৱাৰ ফালৰ সকলে হেনো অহঙ্কাৰতে তেওঁবিলাকক ভালকৈ সোধ-পোচ কৰা নাছিল।
 বিয়া ভঙ্গাৰ পিছত কইনা ঘৰে বৰ কন্যাক লই দেশ দস্তুৰ মতে স্ত্ৰী আচাৰাদি কৰা হলত বৰ পক্ষৰ কৰ্ত্তা মহীৰামৰ বৰ বাপেক আৰু ধনৰীয়া প্ৰজা সকলে কন্যাক দৰাৰ ঘৰ গছকাবলৈ নিব লাগে বুলি জনালে! হৰদত্তৰ গৃহিণীয়ে ভিতৰৰে পৰা সমিধান দি পঠিয়ালে যে তেওঁ জীয়েকক ধনৰালৈ নপঠিয়ায় জী-জোঁৱাই হালকে ঘৰতে ৰাখিব আৰু ধনৰাত যিস্থলত মহীৰামৰ নিজৰ ঘৰ নাই