পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ বাপেকৰ ঘৰত ন পুৰুষৰ শ্ৰাদ্ধ কৰিলে। বৰ মাক, জেঠায়েক, মাহীয়েক, গাওঁ কুচুলীয়া গাভৰু সকলৰ নোৱন ধোৱন খাই, পিন্ধি উৰি বৰ সাজি লগত অসংখ্য মতা মাইকী ৰাইজ আৰু কামৰূপৰ সেই কালতো প্ৰসিদ্ধ বৰ্ণিবিৰীয়া ঢুলীয়া আৰু দুই তিনি যোৰা গায়নে-বায়নে সৈতে উপযুক্ত সময়ত জিকেৰি পালেহি। অৱশ্যে এই বিবাহত যি খৰচ হৈছিল, সমস্ত তেওৰ বৰ বাপেক আৰু ধনৰায়া ৰাইজে অকাতৰে দিছিল।
 দেশ দস্তুৰ মতে জিকেৰীয়া ডেকাসকলে ধনৰীয়া বৰ-যাত্ৰীসকলক বাটতে হেঙ্গাৰ ধৰিলে। উত্তৰ কামৰূপীয়া প্ৰজাৰ এক প্ৰকাৰ ৰজা হৰদত্তৰ জীয়াৰী পদুম কুমাৰীক বিয়া কৰাবলৈ অহা দেখি জিকেৰীয়া সকলে সেই হেঙ্গাৰত উচিত মতে তামোল পান, গুড় গাখীৰ আৰু ৰাইজৰ অৰিহনাৰ বাবে ৰূপ পাঁচ টকা লই হেঙ্গাৰ এৰি দিলে। এই হেঙ্গাৰতে দুয়ো পক্ষৰ অলপ মনোবাদো হইছিল। জিকেৰীয়াই বুজাইছিল যে তেওঁবিলাকহে বলী আৰু মাতব্বৰ। ধনৰীয়াইও বুজাইছিল যে তেওঁলোকো সিমান নিঃকিন নহয়।
 বাটচৰাত দৰা আদৰোতেও সেইদৰে এফেৰা গোলমাল হইছিল। চাউল চটিওৱা বাবে মাইকীয়ে মাইকীয়ে এফেৰা কাজিয়াও হইছিল। দৰা থিয় দিয়া পীড়া খনৰ বাবেও এফেৰা টনা-আজোৰা হইছিল। যি কি নহওক, এইবিলাক