পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নিদিয়ে৷ হৰদত্তে “বাৰু! তেতিয়া যি হয় কৰিবা; এতিয়া মহীৰামক যাবলৈ দিয়া” এই কথা কোৱাত বৰুৱাণীয়ে মহীৰামক ওচৰলৈ মাতি নি কলে :—“বাপা মহীৰাম৷ মোৰ প্ৰাণৰ পুতলা এই একেজনী মোৰ জীয়াৰি, তাকে তালৈ বিবাহ দিম; কিন্তু বাপা তই মোক শপত কাঢ়ি কব লাগে যে বিয়া কৰাই উঠি তই সদায় আমাৰ লগতে থাকিবি আমাৰ ঘৰ দুৱাৰেই তোৰ ঘৰ দুৱাৰ হব৷ আমাৰ অভাল ভালে তয়ে আমাৰ পিণ্ড দিবি৷ ইয়াকে যদি তই কৰিম বুলি কওৱ, তেন্তে তই সদ্যহতে ধনৰালৈ যা৷ তাৰে পৰা আহি বিয়া কৰাবি; কিন্তু বিয়া কৰায়ে আমাৰ ঘৰতে ৰই যাব লাগিব৷ ছোৱালীক ঘৰ গছকাবলৈ বুলি হলে নিব নোৱাৰ”৷ বৰুৱাণীৰ এই কথাত মহীৰামে সেৱা কৰি কলে :— আই! আপুনিয়েই এই হতভগীয়াক সৰুৰে পৰা খুৱাই-ধুৱাই ডাঙ্গৰ কৰিছে আৰু, এতিয়াই মই যাক ভাল পাওঁ, তেওঁক দেউতাই সৈতে মোৰ হঁকে, হাই কাজীয়া কৰিও মোকে দিব খুজিছে; এনেস্থলত মই আপোনাৰ কথাৰ বিৰুদ্ধ কাম ইটো জনমত নকৰোঁ বুলি শপত কৰিলোঁ —আপুনি যিহকে ভাল পায় তাকে কৰিম”৷ মহীৰামৰ এই কৃপাত বৰুৱাণীয়ে মহীৰামৰ মূৰত ধৰি আশীৰ্ব্বাদ কৰি শিৰ চুম্বন কৰি বিদায় দিলে৷ মহীৰামে বৰ বাপেকৰ লগত ধনৰালৈ গল৷ তাত লঘোন ভোক খাটি