পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খেচাব ধৰিলে। এই বেলি মাঘ মাহতো ৰণ নোহোৱা দেখি হৰদত্ত ঘৈণীয়েক আৰু ভায়েক বীৰদত্তৰ অনুৰোধ মতে ফাগুনতে মহীৰাম আৰু পদুমৰ বিবাহ স্থিৰ কৰিলে।

⸻—


একত্ৰিংশ অধ্যায়
বিবাহ।

 পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহ হব, এই বাতৰি শুনি আজি ইমান দিনে মহীৰামৰ বুজ-বাতৰি নোলোৱা বৰ বাপেক ধনৰীয়া চৌধাৰী হৰদত্তৰ ঘৰলৈ আহি হৰদত্তক জনালে, যে মহীৰাম যদিও মাউৰা, তথাপি তাৰ বঙহে পৰিয়ালে জুৰি আছে। তদুপৰিও সি এঘৰৰ এটা লৰা। এনেস্থলত মহীৰামক তেওঁলোকে ধনৰালৈ নি তাতে তাৰ হতুৱাই নও পুৰুষৰ শ্ৰাদ্ধাদি কৰাই নোৱাব ধুৱাব আৰু তাৰে পৰা সাজি-কাচি আহি মহীৰামে বিবাহ কৰাব। যদিও হৰদত্তৰ গৃহিণী ভিতৰি এই প্ৰস্তাৱত মান্তি নহল, তথাপি ৰাইজে বেয়া বুলিব, এই ভয় দেখুৱাই হৰদত্ত আৰু তেওঁৰ ভায়েক বীৰদত্তই বুজোৱাত বৰুৱাণী মান্তি হল। কিন্তু বৰুৱাণীয়ে জিদ কৰি বহিল যে তেওঁ ছোৱালী ধনৰালৈ নপঠিয়ায়। ঘৰ গচকাবলৈ মহীৰামৰতো নিজৰ ঘৰেই নাই। এনেস্থলত পৰৰ ঘৰ গছকাবলৈ তেওঁ জীয়েকক এৰি