১৭৯৪ শক।
এই বছৰতো আহোমৰ আৰু কামৰূপীয়াৰে যদিও
কোনো ৰণ বিগ্ৰহ নহল, তথাপি হৰদত্ত বৰুৱা কিন্তু বৰ
চিন্তাত ৰল। তেওঁৰ হাতৰ পৰা তেওঁৰ বলী স্বদেশী কোচ
ৰণুবাবিলাক যোৱাত তেওঁ এফেৰা বিমৰ্ষ হল। কিন্তু
কৰিব কি উপায় তো নাই। তেওঁ এই বছৰত ৰণ বিগ্ৰহ
নোহোৱা দেখি নিজৰ বিষয় আসয় চলোৱাত ৰল।
ইফালে কাতি আঘোন মাহ গই পুহমাহ পৰাতো মহী-
ৰামক কোচ বেহাৰৰ পৰা নোলটা দেখি বৰুৱাণী আৰু
পদ্মকুমাৰী উভয়ে চিন্তিত আৰু বিষণ্ণ হল। পদ্মকুমাৰীৰ
অহাৰ বিহাৰ একোতে ইচ্ছা নোহোৱা হব ধৰিলে। তেওঁ
দিনক দিনে শুকাই ক্ষীণাই যাব ধৰিলে। ঈশ্বৰক খাঁটোতে
খাঁটোতে মাঘ মাহত মহীৰাম কটকী কেজনে সৈতে সুদা
মুখে আৰু সুদা হাতে উলটি আহিল। কাপ্তান ওৱেলচৰ
চিঠি পাই বিজনি আৰু কোচ বেহাৰে সৈন্য পঠোৱা বন্ধ
কৰিলে।
মহীৰাম উলটি আহিবৰে পৰা পদুমৰ মুখলৈ আকৌ
অলপ অলপকৈ তেজ আহিব ধৰিলে। পদুমৰ মাকে—
ছোৱালীৰো মন বুজি গিৰিয়েকক বিয়াখানে পাতিবলৈ খেচ