পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


উনবিংশ অধ্যায়
১৭৯৩ শক

 এই ১৭৯৩ শকত যদিও হৰদত্তে—শিখ, কোচ কামৰুপীয়া ৰণুৱা গোট খুয়াইছিল৷ তথাপি এই বছৰ যুঁজ নহল৷ বৰফুকনে কাপ্তান ওৱলছ চাহাবৰ ৰচদ যোগোৱাত আৰু ৰজাক সহায় কৰাতে ব্যস্ত আছিল৷
 কাপ্তান ওৱেলছ চাহাবে গুৱাহাটী এৰি ৰংপুৰলৈ ভটিয়াই যোৱাৰ প্ৰায় এ মাহৰ ভিতৰতে অৰ্থাৎ আহিন মাহত পূজাৰ আগখিনিতে কোচ ৰাজকুমাৰে কোচ বেহাৰৰ পৰা আদেশ পালে তেওঁ যেন আহোমৰ লগত নুজুজি ঘৰলৈ ওলটে৷ দৰঙ্গৰ বজাইও তেওঁৰ কোচ সৈন্য জাকক ওলোটাই—পঠাবলৈ হৰদত্তলৈ লেখিলে৷ কোচ ৰাজকুমাৰে এই আদেশ পাই আৰু পদ্মকুমাৰীক বিয়া কৰাবলৈকো কোনো আদেশ নেদেখি হৰদত্তক জনাই নিজৰ কোচ সৈন্য সমস্ত লৈ গুচি গল৷ দৰঙ্গৰ কোচবিলাক দৰঙ্গলৈ গল৷ কোচবিলাক গুচি যোৱাত পদ্মকুমাৰী আইদেউ আৰু তেওঁৰ মাতৃ বৰুৱাণীৰ হলে মূৰৰ ওপৰে দি এচলু পানী বোৱা যেন পালে৷