পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দক্ষিণে চাৰিউফালে গিৰ্‌ গিৰ্‌ কৰি বন্দুক মাৰি ধৰিলে৷ সেই বন্দুকৰ প্ৰত্যেকটো গুলিতেই একোটা একোটা মোৱামৰীৱা ধাচ্‌ ধাচ্‌ কৈ পৰিব ধৰিলে৷ গুলিৰ কোবত মোৱামৰীয়া আগবাঢ়িব নোৱাৰি আৰু নিজৰ মানুহ দুই তিনি মিনিটে মিনিটে শই শই মৰা দেখি “আই ঐ! এই বিলাক টুনি নহয় ইন্দ্ৰৰ বজ্ৰহে ফিৰিঙ্গতি বুলি যেয়ে যি পিনে পালে পলাব ধৰিলে৷ চিপাহিহঁতে সঙ্গিন লগাই পিছে পিছে খেদি নিও কিছু মানক খুচি খুচি মাৰিলে৷ মোৱামৰীয়া সম্পূৰ্ণে পৰাজিত হল৷ ৰজাই মুখীয়াল মুখীয়াল মোৱামৰীয়া কিছু মানক ধৰি ধৰি অনাই শূলত দিয়ালে৷ মোৱামৰীয়াই বিদ্ৰোহ এৰি গৌৰীনাথ সিংহৰ শৰণাপন্ন হল৷
 ৰজাৰ অনুৰোধত কাপ্তান ছাহাব এমাহ ৰংপুৰত থাকি আমোদ প্ৰমোদ কৰি, হাবি বননিত চিকাৰ খেলি আৰু বুঢ়া গোঁহাইৰ অনুৰোধ মতে তেওঁ গঠন কৰা ৫০০ আহোম ৰণুৱাক ইওৰোপীয় ধৰণে কাবাজ পেৰেড শিকাই ৰূপবান, নজৰ, ভাৰ ভেটী লৈ ৰংপুৰলৈ উলটিল৷ ৰজাই নিজেই দন্দুৱাদ্ৰোহ নিবাৰণ কৰি ৰাখিম বুলি কোৱাত কামৰূপৰ দন্দুৱাদ্ৰোহ নিবাৰণ কৰিবলৈ নৰল৷ কিন্তু বিজনি, কোচ বিহাৰ আৰু দৰঙ্গলৈ চিঠি লেখি দিলে তেওঁলোকে যেন কামৰূপীয়াক আৰু সহায় নকৰে৷ যদি সহায় কৰে তেন্তে আগলৈ ইংৰাজে সৈতে তেওঁলোকৰ ৰণ হব৷