কৰিলে, “ভাইহঁত। চা অ। এই এশটা টুনি চৰায়ে
আমাৰে সৈতে যুঁজিবলৈ আহিছে। ভাইহঁত আমাৰ
সকলোৱে পানী পিঠাগুৰি খাই ল। আৰু পিছত আমি
তিলিক্তে গৈ সেই ৰঙ্গা টুনি শ জীয়াই জীয়াই ধৰি আনিম
গৈ”—এই কথা কই মোৱা মৰীয়া সকলে লাহে ধীৰে
আয়মেৰে গা পা তিয়াব ধৰি লে।
ইফালে কাপ্তান ছাহাবে তেওঁৰ দূৰবীণৰে চাৰিউপিনে
ঘূৰি ঘূৰি চাই স্থিৰ কৰি ললে মোৱামৰীয়াৰ সৈন্য কিমান
আৰু তেওঁ বিলাকৰ হাতত কি অস্ত্ৰ শস্ত্ৰ। ইয়াৰ পিছত
তেওঁ চিপাহি বিলাকক পেৰেড কৰাই একুৰি পাঁচোটা
কৈ চিপাহিৰে চাৰিটা লাইন কৰি এটা বগাকাৰ বেঁহু
পাতিলে। সেই বেঁহুৰ মাজত ছাহাব, ৰজা, আৰু এজন
হাবিলদাৰ ৰল। হাবিলদাৰ জনে এবাৰ নে দুবাৰ—“গুলি
চলামনে” বুলি ছাহাবক সুধিলে। ছাহাবে কলে “আভি
মত চালাও। উন্নোককো খানা পিনা কৰকে ইছ তৰফ
আনে দেওঁ। ছাহাবৰ এই কথা শুনি হাবিলদাৰ মনে
মনে থাকিল! ইফালে মোৱামৰীয়া সকলে পানী পিঠা-
গুৰি খাই বই তামোল চালি খাই কঁকালত টঙ্গালি আতি
কেউফানৰ পৰা জয়ধ্বনি কৰি আগ বাঢ়ি বাঢ়ি আহি
যেতিয়া গুলিৰ সীমাৰ ভিতৰত সোমাল আৰু সিহঁতে
তাৰে পৰা কাড় মাৰিব ধৰিলে তেতিয়া ছাহাবে Fire বুলি
হুকুম দিলে। সেই এশ চিপাহিয়ে পূবে পচিমে, উত্তৰে
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে