পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰা, জাঠি জোঙ চলোৱা কোচ সৈন্যক চাহাবৰ লগত যুঁজিবলৈ পঠাই দিলে। সেই ৰণুৱা বিলাক আহি পোৱাত কাপ্তান চাহাবে নিজৰ চিপাহিবিলাকক ৰীতিমতে ঠিয় কৰাই কোচৰ কাড়ে আহি ঢুকি নোপোৱা ঠাইত ৰাখি তাৰে পৰা বন্দুক মৰাব ধৰিলে। চিপাহিৰ বন্দুকৰ গুলিত কোচ সৈন্য ধাচ ধাচ কৰে মৰিল। বন্দুকৰ গুলিত তত নাপাই কোচ সৈন্যবিলাক যেয়ে যিপিনে পালো সেই পিনে পলাল। কাপ্তান চাহাবে সসৈন্যে দৰঙ্গৰ ৰজাক ধৰিবলৈ আগ বাঢ়িল। কিন্তু ভাগি যোৱা সৈন্যৰ মুখে ইংৰাজৰ প্ৰতাপ শুনিয়েই কৃষ্ণনাৰায়ণ ৰজা আগবাঢ়ি ভাৰে-ভেটীয়ে সৈতে আহি কাপ্তান চাহাবৰ শৰণাপন্ন হোৱাত কাপ্তান চাহাবে তেওঁক আগলৈ আকৌ আহোম ৰজাৰ বিৰুদ্ধে নুঠোঁ বুলি শপত খুৱাই এৰি দিলে। তাৰ পাছত জছাহাব ৰজাৰে সৈতে নাৱেৰে উজাই গই বহাগত ৰংপুৰ পালে।
 ৰংপুৰৰ মুকলি পথাৰ খনত আহোম আৰু ইংৰাজৰ চিপাহিয়ে সৈতে যুঁজ কৰিবলৈ প্ৰায় কুৰিহেজাৰ মোৱামৰীয়াই ধেনু কাড়, জাঠি জোঙ্গ, কাঠ বাঁহৰ চুন খুউৱা তৰোৱাল লৈ, লগত পানী পিঠাগুৰিৰে সৈতে আহি প্ৰায় আধা মাইল আঁতৰৰ পৰা কাপ্তান ছাহাবক ৰজা আৰু চিপাহি শৰে সৈতে চাৰিউপিনে বেঢ়ি ধৰি বহিল হি। ইংৰাজ কাপ্তানৰ মুঠেই এশ ৰঙ্গা কাপোৰ পিন্ধা চিপাহি দেখি সিহঁতে হাঁহি হাঁহি পৰস্পৰে কোৱাকুই