পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 হৰদত্ত৷ —বাৰু মই ভাবিচিন্তি চাওঁ৷ মহীৰামো উলটি আহক৷

অষ্টবিংশ অধ্যায়৷
১৭৯২ শক

 এই শকটোক অসম বুৰঞ্জীৰ এটা যুগ পৰিবৰ্ত্তনৰ সময় বুলিব পাৰি৷ এই শকৰ কাতি মাহতে ৰংপুৰৰ পৰা এশ চিপাহী লই কাপ্তান ওৱেল্‌ছ ছাহাব গুৱাহাটী পাই গৌৰীনাথ সিংহৰ লগ লাগিল৷ কাপ্তান ওৱেল্‌ছৰ লগত মুঠেই এশ বন্দুকধাৰী ৰঙ্গা পোছাক পিন্ধা চিপাহি দেখি গৌৰীনাথ সিংহ ৰজাই হতাশ হৈ কাপ্তান চাহাবক জনালে যে এই এশ চিপাহিৰে লাখ লাখ মোৱামৰীয়াক দৰঙ্গি আৰু কামৰূপীয়া হাজাৰ হাজাৰ সৈন্যক নো কেনেকৈ জিকিব৷ ৰজাৰ কথাত কাপ্তান ছাহাবে হাঁহি কলে :- “ৰজা! যেতিয়া যুঁজ লাগিব তেতিয়াহে দেখিবা৷ সদ্যহতে মোক তোমাৰ দৰঙ্গলৈ লই বলা৷ তাত মই কৃষ্ণ নাৰায়ণক দমন কৰি উজনীলৈ সেই পিনে যাম৷ কাপ্তান চাহাবৰ এই কথাত গৌৰীনাথ সিংহে নিজে চাহাব আৰু চিপাহিক ডাঙ্গৰ ডাঙ্গৰ নাৱেৰে লৈ গল৷ চাহাবে ৰঙ্গামাটিৰ ঘাটৰ ওচৰত কোঠ মাৰি কৃষ্ণ নাৰায়ণ ৰজালৈ আত্মসমৰ্পণ কৰিবলৈ আদেশ দি চিঠি লেখি পাঠালে৷ কৃষ্ণনাৰায়ণে ইয়াৰ উত্তৰ স্বৰূপে তিনি হেজাৰ কাড় ধেনু