পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কলিতাৰ কন্যা কোচক, দিবলৈ হলে সি আত্মহত্যাকে কৰিব৷
 গৃহিণী—তেন্তে মোৰ মতে আৰু সৰু ডাঙ্গৰীয়াৰ মত সম্পূৰ্ণ মিল হৈছে৷ আপুনি কোচ কুমাৰক বিদায় দিয়ক আৰু মহীৰাম উলটি আহিলে তাতে মাইছানাক বিয়া দি ঘৰতে ৰাখক৷
 হৰদত্ত—মাইছানাৰ মাক! তুমি কথাটো যিমান সহজ দেখিছা মই হলে সিমান সহজ দেখা নাই৷ কোচ ৰাজ- কুমাৰক এতিয়াই বিদায় দিলে কোচ সৈন্য সমস্ত গুচি যাব; আন কি দৰঙ্গ আৰু বিজনীৰ বিলাকো যাব৷ তেতিয়া অকল কামৰূপীয়া আৰু শিখ তিনিশ লৈ আহোমক বলে পৰাটো টান হৈ উঠিব৷ ইয়াৰ উপৰিও মহীৰামো যে চিৰকালে মোৰ ঘৰত চপনীয়া থাকিব সেইটোও মই আশা কৰিব নোৱাৰোঁ৷ যদিও সৰুতে তাৰ বুজ বিচাৰ লওঁতা কোনো নাছিল তথাপি এতিয়া যে তাৰ বৰ বাপেক আৰু ভাই ভাগিবিলাক নোলাব এনেটোও নাভাবিবা৷ সিহঁতে তাক জানো চপনীয়া থাকিব দিব?
 গৃহিণী—আপুনি বাৰু অহা বাৰৰ ৰণলৈকে কোচ কুমাৰক ৰাখক৷ মহীৰামক চপনীয়া ৰখা বিষয়ে মই জগৰীয়া ৰলোঁ৷ আপুনি মোৰ কথা ৰাখক৷ মহীৰামলৈকে পদুমক বিয়া দিয়ক৷