পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ছোৱালীজনী বিয়া দি কোচ বেহাৰলৈকে উঠি যোৱাটোৱে ভাল হ’ব। ”
 গৃহিণী— আপুনি এজন বীৰ পুৰুষ হৈয়ো কেনেবোৰ কথা কয়। আপুনি আৰু সৰু ডাঙ্গৰীয়ায়ে এই যুঁজখান লগাইছে; এতিয়া যদি আপুনি কামৰূপ এৰি কোচ- বেহাৰলৈ যায় তেন্তে কামৰূপীয়া লৰা—তিৰোতা সকলোৱে আপোনাক ভাল বুলিব নে? আপুনি কোচ বেহাৰলৈ গলেও তাত আপোনাৰ এই ব্যবহাৰ জানি আপোনাক সন্মানত ৰাখিব নে? নিজৰ দেশ এৰি পৰৰ অন্নে প্ৰতিপালিত হবলৈ যোৱাটো কাপুৰুষৰ কাম নহবনে? আপুনি ধৈৰ্য্যা ধৰি যুঁজি থাওক। যুঁজ দেখোন জিকিয়েই আছে। এইদৰে জিকি জিকি শেহত কামৰূপৰ পৰা আহোমক নিৰ্ম্মূল কৰিব পাৰিব। ক্ষত্ৰিয় তেজৰ কলিতাই নিজৰ জীয়াৰীক কোচলৈ বিয়া দি আৰু তেনেকুৱা (আচল ৰজাৰ দূৰ সম্পৰ্কীয়) কোচ কুমাৰৰ লগত বিদেশ আশ্ৰয় কৰিবলৈ যোৱাটো গৌৰৱৰ বিষয় নহব। বাৰু! আপুনি জানো সৰু ডাঙ্গৰীয়াৰে সৈতে এই বিষয়ে আলোচনা কৰিছে?
 হৰদত্ত— (দীঘলকৈ হুমুনিয়া কাঢ়ি) বীৰদত বপাকো মোৰ মনৰ ভাব কইছিলো। সিও কোচ কুমাৰত মাইছানাক বিয়া দিয়া কথাত চুই খায়েই নাযায়। সিও কয় যে