কোচ বেহাৰত থাপিব আৰু মাহে মাহে আমাক ৰোজ দি
ৰাখিব৷ মোৰ মনেৰে হলে তেওঁতে আমাৰ মাইছানাক
বিয়া দি আমাৰ পক্ষে কামৰূপ এৰি যোৱাই ভাল৷ সদাই
বছৰি বছৰি আহোমৰ লগত যুঁজি যে আমি জিকি থাকিম
এনেকুৱা আশা নাই৷ আহোমেও যে সতকাই ৰণ এৰি
পলাই যাব তাৰো আশা নেদেখোঁ৷ তাতে আকৌ আমাৰ
হিন্দুৰ ধৈয্য বোলা বস্তু এটা আৰু একতা বোলা বস্তু এটা
নাই৷ দহোটাৰ দহোটা মত৷ এই চাৰি বছৰৰ ভিতৰতে
আমি যুঁজ জিকি থকা স্বত্বেও আমাৰ কামৰূপীয়া বৰুৱা
চৌধাৰীসকলে নিজৰ কঁকালৰ বল পাহৰি উচপিচ লগাই
কোচবেহাৰ আৰু পঞ্জাবৰ পৰাও সৈন্য অনালে৷ সেই
সৈন্যক ৰছদ দি ৰাখোঁতে আৰু পঞ্জাবী তিনি শ শিখক—
ৰছদৰ উপৰিও মাহে মাহে গায় পতি তিনি চাৰি টকাকৈ
দৰমহা দিওঁতে মোৰ ধনৰ পৰালি পৰি আহিছে৷ দেশ
ভাতৃ সকলৰ ভিতৰত বুজৰ বৰুৱা দুজনৰ পেট আহোমৰ
ফালেই; ই সকলেও আগেয়ে যেনেকৈ বয়ে বস্তুৱে, সৈন্য
সামন্তে সহায় কৰোঁ বুলিছিল এতিয়া দিনক দিনে দিনে
সেই সহায় দিয়াত টান পাই আহিছে; সেই দেখি আৰু
দুই তিনি বছৰ এইদৰে ৰণ চলাই থাকিবলৈ হলে শেহত
মোক দেশী বৰুৱা চৌধাৰীসকলেও এৰা দি নিঠঙুয়াত
পেলাব৷ তেতিয়া আমাৰ সবংশে নাশ হব হে লাগিব৷
সেই দেখি মোৰ বিবেচনাৰে আমাৰ কোচ ৰাজকুমাৰতে
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
