পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দিব, এই বিষয়ে খেচ-খেচাবও ধৰিলে হৰদত্তই “বাৰু চাওঁ; সময় আছে”৷ ইত্যাদি ৰূপে বুজন দি কোচ কুমাৰৰ আও-ভাও দেখি বিমষ ভাবে দিন নিয়াব ধৰিলে৷

⸻—


সপ্তবিংশ অধ্যায়৷

বৰুৱা—বৰুৱানী৷

 মহীৰাম যোৱাৰ সাতদিন মানৰ পিচত এ নিশা আকৌ পদ্মকুমাৰীৰ টোপনি অহা যেন অনুমান কৰি হৰদত্ত বৰুৱাই ঘৈণীয়েকক কলে:—
 “মইছানাৰ মাক! কোচ ৰাজকুমাৰে মাইছানাক বিয়া কৰাবলৈ উত্ৰাৱল হোৱাদি হৈছে৷
 গৃহিণী—“বাৰু আমাৰ ইয়াত তেওঁ চপনীয়া হবলৈ গাত লৈছে নে?
 হৰদত্ত— সেইটোত তেওঁ কোনো প্ৰকাৰে সম্মত নহয়৷ তেওঁ কয় যে বাহুৱলী বীৰৰ আৰু ৰজাৰ ঘৰৰ লৰাই কোনো কালে কতো চপনীয়া থকা নাই৷ তেওঁনো কেনেকৈ আত্ম-সন্মান নষ্ট কৰি সেইটো কাম কৰিব৷ তেওঁ ইয়াকো কয় যে তেওঁ মাইছানাৰ লগতে আমাকো তুলি লৈ গই