দিবলৈ নিদিয়ে। আনকি খুড়াও কেতিয়াও এই কথাত
সম্মত নহব। মই জানো খুড়াৰ আত্মগৌৰৱ কিমান।
আই আৰু খুড়াক উবাৰি যদি পিতিয়ে মোক বল কৰি
কোচ কুমাৰত দিব ওলায় তেন্তে মই বিয়াৰ আগ নিশাই
অৰ্থাৎ তেলৰ ভাৰৰ দিনাই বিষখাই প্ৰাণত্যাগ কৰিম।
তুমি এইটো ধুৰুপ বুজিবা।
মহীৰাম—তেন্তে পদুম! মই চিন্তা নকৰো। শত বাধা
বিঘিণি অতিক্ৰম কৰিও মই পামহি। ঈশ্বৰ আমাৰ সহায়
হব। তুমি নিশ্চয় জানিবা ইপুৰীয়ে সিপুৰীয়ে তুমি মোৰ-
মই তোমাৰ। এতিয়া যাওঁগৈ দেই সোণ! চুমা এটা
জানো দিবা।
পদ্মকুমাৰী— (আগবাঢ়ি গই চুমা এটা দি) যোৱাগৈ
প্ৰিয়তম! ঈশ্বৰে তোমাক নিৰ্ব্বিঘ্নে ওলোটাই আনিবলৈ
আৰু পিতিৰ মতি গতি ফিৰাবলৈ মই ঈশ্বৰক দিনে নিশাই
খাটিম। ” এইদৰে নিশা সম্ভাষণ হোৱাৰ পিচ দিনাই
মহীৰামে খাই বই কোচ বিহাৰলৈ যাত্ৰা কৰিলে।
ইফালে কোচকুমাৰে হৰদত্তৰ ঘৰত থাকি দিনত হলে
নিতৌ হাবিত ছিকাৰ খেলি, নিশা হলে সৰহ সৰহকৈ
ওচৰৰ কছাৰি হঁতৰ পৰা গোটাই অনা মদ আৰু হৰদত্তৰ
চৰ্ব্ব-চুব্য লেহ্য পেয় খাই, হৰদত্তৰ গোটোৱা ৰছদৰ পৰালি
পাৰি, নিজৰ কোচ সৈন্যেৰে সৈতে কাল নিয়াব ধৰিলে।
মাজে মাজে হৰদত্তক “কেতিয়া তেওঁলৈ পদ্ম কুমাৰীক বিয়া
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে