পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰণৰ নিমিত্তে সৈন্য আনিবলৈ যাব লগাত পৰিলোঁ। পিতিয়ে আজ্ঞা কৰিছে আৰু কোচ ৰাজকুমাৰেও পত্ৰ দিছে। মই কিমান দিনত উলটিম তাৰ কোনো ঠিকনা নাই। মই এইটোও জানিছো যে পিতিয়ে তোমাক কোচ ৰাজ- কুমাৰলৈ বিয়া দিবৰ স্থিৰ কৰিছে। সম্ভবতঃ মই সিফালে থাকোঁতেই ইফালে তোমাৰ বিয়া হৈয়ে যাব। যদি মই উলটি আহি নৌপাওঁতেই তোমাৰ বিবাহ হৈ যায় তেন্তে তোমাৰ পৰা-মই আজিয়েই বিদায় ললোঁ। মোৰ নিচিনা নিছলা দুখীয়াৰ কতো সুখ নাই। সৰুতেই পিতৃ মাতৃ হীন হলো—এতিয়া যৌবনত ভাবিছিলো তোমাক বিয়া কৰাই সুখী হম। মই জানো, আইৰ ইচ্ছা তোমাক মোত দিবলৈ; কিন্তু পিতিৰ মাত গতি অন্য ৰকম। পিতিয়ে তোমাক মোত নিদি তোমাক ৰজাৰ লৰালৈ ৰাণী কৰি দিবৰ হেঁপাহ। যিকিনহওঁক মই দেশৰ হকে সৈন্যও আনিম আৰু যদি তুমি কোচ কুমাৰৰহে অঙ্কশোভিতা হোৱা তেন্তে অহা বেলিৰ ৰণত আহোমে সৈতে যুঁজি ইচ্ছা পূৰ্ব্বকে সেই ৰণতে প্ৰাণত্যাগ কৰিম। মোৰ এইটো ধ্ৰুব সংকল্প বুলি জানিবা। তোমাক মই এই শেষবাৰ চাই ললো। তোমাৰ লগত মই এই শেষবাৰ কথা বতৰা“ হলো ”।
 পদ্মকুমাৰী—প্ৰিয়তম! তুমি নিৰাশ নহবা। আয়ে মোক কেতিয়াও আমাতকৈ নীহ কুলীয়া কোচলৈ বিয়া