পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিলে। পেটত ইচ্ছা নাথাকিলেও মহীৰাম যাবলৈ সন্মত হল।

 ইফালে হৰদত্তে ইচল সিচল কৰি কোচ কুমাৰৰ মন ললে। কোচ কুমাৰে পদ্মকুমাৰীক বিয়া কৰাবলৈ সন্মত হল; কিন্তু হৰদত্তৰ ঘৰত চিৰকাললৈকে চপনীয়া থাকিবলৈ সন্মত নহল। কোচ কুমাৰে কলে যে তেওঁ কোচৰজাৰ লৰা হৈ এজন সাধাৰণ মানুহৰ চপনীয়া জোঁয়াই হব নোৱাৰে। বৰং তেওঁ পদ্মকুমাৰীক বিয়া কৰাই লই শহুৰ শাহুকো নিজৰ দেশলৈ লই গই তাতে ৰাখি মাহে মাহে খাব পিন্ধিবলৈ খৰচ দি থাকিব।

⸻—


ষড় বিংশ অধ্যায়।
বিদায়।

 হৰদত্তে মহীৰামক কোচবিহাৰলৈ যাবলৈ আদেশ কৰাৰ নিশাই মহীৰামে পদ্মকুমাৰীৰ হাত-ধৰী লিগিৰী জনীৰ সহায়ত পদ্মকুমাৰীক ফুলনিতে লগ ধৰি কলে :—
 “পদুম। মই কাইলৈ আকৌ কোচবিহাৰলৈ সিবছৰৰ