পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পঞ্চবিংশ অধ্যায়।


গৃহকন্দল।

 এই ৰণৰ পিচত হৰদত্তৰ গৃহিণীয়ে হৰদত্তক পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহৰ নিমিত্তে খেচ খেচাব ধৰিলে। হৰদত্তে “বাৰু চাওঁ, দুদিন বাট চোঁৱা” ইত্যাদি বুজনি দি ঘৈণীয়েকৰ খেচ-খচনিত তত নাপাই এদিন ঘৈণীয়েকক খোলা-খুলি কৰি কলে যে তেওঁ শ্ৰীমতীক মহীৰামলৈ নিদিয়ে শ্ৰীমতীক কোচ কুমাৰতহে বিয়া দিব। এই কথাত হৰদত্তৰ গৃহিণীয়েও ক্ৰোধান্বিত হৈ কলে যে কোচ ৰাজ- কুমাৰে যদি সদাই তেওঁলোকৰ ঘৰত চপনীয়া হৈ থাকিবলৈ সম্মত হয় তেন্তে বাৰু তেওঁ নীহকুলীয়া কোচলৈকো জীয়েকক জাতি এৰি বিয়া দিব। কিন্তু যদিহে কোচকুমাৰ এই প্ৰস্তাবত মান্তি নহয়, তেন্তে তেওঁ হলে কেতিয়াও জাতকুল এৰি জীয়েকক কোচ কুমাৰলৈ নিদিয়ে। এই কথন মথনৰ পিচত হৰদত্তে মহীৰামক অতঁৰাবৰ মনেৰেই মহীৰামক মাতি আনি, কোচ কুমাৰৰ হতুয়াই কোচবিহাৰলৈ আৰু সৈন্য খুজি চিঠি এখান লেখাই মহীৰামক কটকি এযোৰাৰে সৈতে আকৌ কোচ বিহাৰলৈ যাবলৈ অনুমতি