সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দন্দুৱা দ্ৰোহ/১০১
 

বৰফুকনৰ চাকৰিতে এৰি ভটিয়াই গল। কেৱে কয়, পদ্মকুমাৰী আৰু বৰুৱাৰ মৃত্যুতে তেওঁৰ অনুতাপ উপস্থিত হৈ পাপৰ পৰাচিত কৰিবলৈ বীৰ বেশ ত্যাগ কৰি হেনো উদাসী হৈ তীৰ্থে তীৰ্থে ভ্ৰমি ফুৰিছিল। কেৱে কয়, তেওঁ পঞ্জাবলৈ গৈ তাতে ৰলগৈ আৰু উলটি নাহিল। কেৱে কয় তেওঁ হেনো তেওঁৰ ১৫০ শিখে সৈতে বৰফুকনৰ পৰা নিষ্কৰকৈ মাটি বৃত্তি লৈ অসমীয়া ছোৱালী বিয়া কৰাই অসমতে ৰল। আমি হলে কোনটো সঠিক কব নোৱাৰো; কিন্তু কুমেদানৰ নামটো উমাদত কৰি এতিয়াও কামৰূপৰ ঠায়ে ঠায়ে ঢুলীয়াহঁতে কেতিয়াবা কেতিয়াবা ওপৰত দিয়া তিনটা গীতত বাজেও আন গীত গায়। পদ্মকুমাৰীৰ সম্পৰ্কেও মানুহে কয় যে কুমেদানে পদ্মকুমাৰীৰ ৰূপত মুগ্ধ হৈ তেওঁক অঙ্কলক্ষ্মী কৰিব খুজিহে ধৰিব গৈছিল। আৰু মহীৰামেও হেনো সেইটো ভাবকে মনত লৈহে কুমেদানে সৈতে যুঁজ কৰি প্ৰাণ হেৰুৱাইছিল। নহলে কিজানি মহীৰামৰ প্ৰাণ নগলহেতেন আৰু পদ্মকুমাৰীও ৰক্ষা পৰিল হেঁতেন। কিন্তু আমি উপন্যাস কাৰকে জানো, যে বীৰ কুমেদানে পদ্মকুমাৰীক সাক্ষাৎ দেৱী ভগৱতীৰ প্ৰতিমূৰ্ত্তি যেন দেখিহে তেওঁক মা বুলি মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ ধৰিব গৈছিল। কুমেদানৰ দোষৰ ভিতৰত তেওঁ টকাৰ লোভী হৈ হৰদত্তক ধৰি দিব নালাগিছিল। কলীয়া ভোমোৰা বৰফুকনৰ দোষ নাই। যত দোষ সেই দেশ দ্ৰোহী বদন বৰফুকনৰেই। বিদ্ৰোহৰ গুৰিত বদনেই; অৱশ্যে বদনে সেই বিদ্ৰোহ দমন কৰিব নোৱাৰাতহে ৰজাই কলীয়া ভোমোৰাক বদনৰ ঠাইত পঠিয়ায় আৰু বিচক্ষণ কলীয়া ভোমোৰা বৰফুকনে চলে বলে, কৌশলে, বীৰত্বে, হৰদত্তক পৰাস্ত কৰি ধৰিছিল আৰু ৰাজ আজ্ঞাত তেওঁক শূলত দিছিল। আমি জানো যে বীৰ প্ৰবৰ কলীয়া ভোমোৰা বৰফুকনো দেৱী উপাসক শাক্ত আছিল। তেওঁ পদ্মকুমাৰীৰ সেই সোণৰ বৰণ, ৰূপ, মুক্ত কেশ দেখি ইমান স্তম্ভিত হৈছিল যে তেওঁ যেন সাক্ষাত- দেৱীকেহে দেখিছিল। সেই কাৰণেহে তেওঁ কুমেদানৰ আৰু মহীৰামৰ হঠাতে হোৱা যুঁজখন থমাব নোৱাৰিলে। কামৰূপীয়া মানুহে জানিছিল যে হৰদত্ত বৰুৱা ঘোৰ শাক্ত আছিল। তেওঁলোকে জানিছিল যে হৰদত্তৰ এনেকুৱা পৰিণাম হব। তেওঁলোকে জানিছিল, যে হৰদত্তক মা দুৰ্গাই চিৰকালেই ৰক্ষা কৰি থাকিব। কিন্তু যেতিয়া দেখিলে যে মা দুৰ্গাই তেওঁক এনেকুৱা পৰিণামৰ পৰা