পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আছিল৷ তেতিয়া আজি কালিৰ দৰে পকি দালান নাছিল৷ গুৱাহাটীৰ ভিতৰত থকা মঠ মন্দিৰ বিলাকত বাজে সকলোৰে ঘৰ বিলাক খেৰৰ আছিল৷ আলি পদুলিও ইমান নাছিল৷ বৰ্ত্তমান উজান বজাৰৰ পথাৰৰে পৰা ভৰলুমুখলৈকে এই ঠাই ডোখৰ, যত আজি কালি বৰকছাৰি, গিৰ্জ্জা, স্কুলঘৰ আছে এই সমস্ত মুকলি আছিল৷ গুৱাহাটী নগৰৰ উত্তৰে ব্ৰহ্মপুত্ৰ৷ এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তিনি খেল অহমীয়া হিন্দু বিষয়াৰ বসতি আছিল৷ ৰুদ্ৰেশ্বৰ আৰু ৰংমহলতো আহোম আৰু অহমীয়া হিন্দুৰ বসতি আছিল৷ গুৱাহাটী নগৰৰ চাৰি দিশে চাৰিখান চকি আছিল৷ পুবে জয়দুৱাৰৰ চকি – বৰ্ত্তমানে মাটিত থকা সেই ৰাইফল ৰেঞ্জৰ গড়েই চকিৰ গড়৷ পশ্চিমে পাঁডুৰ চকি—যত আজিকালি কামাখ্যা ষ্টেছন হৈছে৷ উত্তৰে চিলাৰ চকি অৰ্থাৎ মোমাই-কটা গড় আৰু চিলা পাহাড়ৰ সঙ্গমস্থল৷ দক্ষিণে বেলতলাৰ চকি৷ এই চকি বিলাকত অলপ সৈন্য সামন্তেৰে সৈতে একোজন আহোম চকীয়াল আছিল৷ এই চাৰি চকি ৰখাৰ উদ্দেশ্য আছিল যাতে গুৱাহাটী নগৰ হঠাতে বাহিৰৰ কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে৷ ৺বদনচন্দ্ৰ বৰফুকন হবৰ দিনৰে পৰা নিয়ম কৰিছিল যে গধূলি হলেই কোনো কামৰূপীয়া বা বিদেশী মানুহ নগৰৰ ভিতৰত থাকিব নোৱাৰে৷ ৰাজকাৰ্য্যত নগৰলৈ আহিলেও গধূলি হোৱাৰ