পৃষ্ঠা:তৰা ফুল.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ দুখ কাক কম
কোনে পতিয়াব।
যাক কম সিয়ে শুনি
বেঁকাকৈ হাঁহিব।

পুৱতিৰ ৰঙা বেলি
সন্ধিয়া লুকায়
বিষাদ উথলি উঠে
তেজ হেৰুৱাই।

জাৰণিত ফুল ফুলি
ৰূপ ছটিয়াই
পাপৰি মৰহি গ’লে
উভতি নেচায়।

সাজ লাগে পখী যায়
ডেউকা কোবাই
উৰুঙা বুকুত বাজে
নাই একোনাই
নিশাৰ বেলি জানো
সদায় ওলাব?•

-৩০ -