পৃষ্ঠা:তৰা ফুল.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাতি চৰা চৰাই এটি
আন্ধাৰ কুটি কুটি
সৰজিলে পৰাণৰ গান
পুৱাৰ হেঙুলী বোল
লাগি ক’লে মোক তোল
প্ৰতিমা যে হ’ল নিৰ্মাণ।

অনেক খনিকৰে
সোণেৰে ৰূপেৰে গঢ়ে
সুগঢ়ী প্ৰতিমা ইমান
ভাবনাই ভিৰ কৰা
নাচোনত ঠেও ধৰা
নহয় আকাৰহীনৰ সমান।

ৰাতি চৰা সৰু চৰাই
সপোন মোনাত হেঁপাহ ভৰাই
পোহৰক কৰে আহ্বান
গানে গানে ফুলে ফুলে
ঢৌ লাগি ৰূপ দোলে
কিনো তাৰ আকলুৱা তান •

- ২৯ -