পৃষ্ঠা:তৰা ফুল.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শাৰদী সন্ধিয়া জোনাই আহি
লাহেকৈ চুলেহি শেৱালি পাহি
চমকি উঠিল আলসুৱা মন
ক’তেনো বাজি ৰূপৰ বাঁহী।

শুকুলা মেঘৰ পানচৈখনি
ভাহি আহি দিলে আগমনি
নতুন নিয়ৰেৰে পখালি গা
মোৰ পঁজাৰ আলহী হ’লাহি।

চৌপাশ ভৰি পৰে কুঁৱলী-কুঁৱলী
ফুটোঁনে নুফুটোঁ কৰে সপোনৰ কলি
নুশুনা সুৰত নাচি হালিজালি
তুমি কোন
কোন তুমি হেঁপাহী সোণপাহি? •

- ২৮ -