পৃষ্ঠা:তৰা ফুল.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কওঁ কওঁ বুলি ভাবিহে থাকোঁ
কোৱাযে নহয় তোমাক একো
কুঁৱলী সাঁকোৰ সিটো মূৰে
কিনো ছায়াছবি ভাহি ফুৰে
বুটলিব নোৱৰোঁ মণি সপোনৰ।

সোঁৱৰণি নাও বাই
এপাহি ৰূপহী খৰিকাজাঁই
পৰিলে বুকুত উবুৰি খাই
ববকে নোৱাৰোঁ লাহিকৈ ভৰ
খহি পৰে যেন তৰা সৰগৰ।

মোৰ বাটৰ আন্ধাৰে-পোহৰে
এষণা পতাকা হৈ উৰে
ৰ’দ আৰু মিঠা বৰষুণে
ন সুৰ কঢ়িয়াই আনে
জেতুকাবুলীয়া গান পৰাণৰ।

- ২৭ -