পৃষ্ঠা:তৰা ফুল.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুদিনীয়া আলহী
আছোঁহি আহি
ফুলাম ঘৰত তোমাৰ
সৰিলে ফুলৰ পাহি
আকৌ উভতি যাম
বাট বুলি ঘোৰ তমসাৰ।

তথাপিও নৈখনি
বয় খলকনি তুলি
ধিয়াই অসীম সাগৰ
পোহৰৰ ৰং লাগি
কণিকাতো লাগে ৰাগি
পাহৰি বাটৰ ভাগৰ।

অনুৰাগে ৰণ্জি‌ত
আকলুৱা মোৰ চিত
অমল প্ৰেমত তোমাৰ
যদিওবা সোঁৱৰণি
নিচেই ঠুনুকা মণি
জীৱন নামৰ অভিধাৰ।

- ২৫ -