পৃষ্ঠা:তৰা ফুল.pdf/২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনেতো দিয়াৰ কথা
নাছিল একো
জীৱনেতো লোৱাৰ কথা
নাছিল একো
জীৱন মাথোঁ গৈ থকা এখন তৰী
শুৱাই নদীৰ বুকু।

গোলাপৰ পাপৰি
পৰে সৰি সৰি
নকয় একো কাকো।
মাটিৰ কুসুম
মাটিতে হেৰালেও
নোফুলি কেনেকৈ থাকোঁ।

কিনো খহনীয়াই চপৰা চপৰে
খহায় ৰূপহী পাৰ
চকুপানীয়ে টলাব নোৱাৰে
জলধিৰ অভিসাৰ
কোন খনিকৰে প্ৰাণ পাত কৰে
সাজোঁতে এখন সাঁকো।