পৃষ্ঠা:তৰা ফুল.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰ্বতৰ ঢেকীয়া
লিহিৰি পতীয়া
দূৰতে মাৰিলি ৰিং
নৈৰে ৰূপালী
পানীতে জিলিকে
চৰা নাৱৰে টিং।

আঘোণৰ পথাৰত
ৰ'দ জিলমিল
পিচলি পৰিব ধৰে
সেলেঙী ওঁঠৰ
হাঁহি সৰি পৰি
কাঁচি চিকিমিকি কৰে।

জাৰণিৰ আন্ধাৰত
জাকি মাৰি উঠে
কলাকৈ মহৰে শিং

পানী পাই জিলিকা
বুকুৰে কেতেকী
হেঁপাহৰ হাতেৰে ছিঙ।

(আৰ্হি— লোকভাবনাৰ ৰহঘৰা)

- ২৩ -