এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
পৰিশিষ্ট
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। ১৯৫৬ চনৰ ২৫ ফেব্ৰুৱাৰী, ১৮৭৭ শকৰ ১২ ফাল্গুন তাৰিখে জাঁজীত বহা লাচিত মেলাৰ মূলসভাৰ অধিবেশনত সভাপতিৰূপে দিয়া অভিভাষণ ৷ ইয়াৰ কিছু অংশ ডাক্তৰ ভূপেন্দ্ৰকুমাৰ হাজৰিকা সম্পাদিত আলোচনী “গতি”ৰ প্ৰথম প্ৰকাশ, ১৯৫৭ চন, শৰত সংখ্যাত প্ৰকাশিত হৈছিল। এই প্ৰৱন্ধৰ অন্তর্ভুক্ত সুবচন- সংলগ্ন ঘটনাৱলী ভালকৈ জানিবলৈ হলে, সেনাপতি লাচিত বৰফুকন আৰু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙ্গৰীয়াৰ বিষয়ে লিখকৰ দুখনি ইংৰাজী গ্রন্থ পঢ়িলে সহায় হব ।