পৰিশিষ্ট
“ত্রিপদী”ৰ তিনি প্ৰবন্ধৰ পৰিচয় ।
সাহিত্যৰ মূলকথা। ১৯৩৯ চনৰ ৩০ চেপ্টেম্বৰ তাৰিখে, গুৱাহাটী কটন কলেজৰ চুডমার্চেন হলত বহা, অসমীয়া ছাত্ৰৰ সাহিত্য-অনুশীলনী সভাৰ ( এ-এচ্-এল্ ক্লাব ) অধিবেশনত, অসমীয়া সাহিত্য আৰু ছাত্ৰৰ কৰ্ত্তব্যৰ বিষয়ে দিয়া বক্তৃতাব সাৰাংশ। এই প্রবন্ধ পোনপ্ৰথমে ২৬-শ বছৰৰ ৮ম আৰু ৯ম সংখ্যা “বাহী”ত প্ৰকাশিত হৈছিল। ১৯৩৯ চনত প্ৰগতি সমিতিয়ে প্রকাশিত কৰা “চিন্তাধাৰা” নামৰ প্রবন্ধ সংগ্রহ, শ্রীতীৰ্থনাথ শৰ্ম্মা সংকলিত “প্রবেশিকা কথা-চানেকি” আক গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা ১৯৫৮ চনত প্ৰকাশিত “প্ৰবন্ধা- ৱলীত” এই প্রবন্ধ সন্নিৱিষ্ট হৈছে ।
অসমীয়া সাহিত্য আৰু কৃষ্টি। ১৯৫৩ চনৰ ৮ নভেম্বৰ তারিখে ছিলঙ্গত বহা, অসম সাহিত্য সভাৰ ২২-শ অধিবেশন সভাপতিৰূপে দিয়া অভিভাষণ । ১৯৫৭ চনত সাহিত্য সভাই প্রকাশিত কৰা “ভাষণাৱলী” গ্রন্থৰ দ্বিতীয় ভাগত এই প্রবন্ধ সন্নিৱিষ্ট হৈছে। এই বক্তৃতাৰ ইংৰাজী সাৰাংশ অধিবেশনৰ সময়ত ছপোৱা হৈছিল, আৰু ইয়াক ১৯৫৬ চনত প্ৰকাশিত লিখকৰ “স্টাডিজ্ ইন্ ডি লিটাৰেচাৰ অব, আসাম” গ্রন্থত অন্তৰ্ভুক্ত কৰা হৈছে।