সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
ত্রিপদী

নিজৰ বাহৰ সোমালহি । পাচে যুদ্ধ কৰিবলৈ সকলোকো আজ্ঞা কৰিলে ।

 লাচিতৰ মুখৰ এই অমূল্য বচনফাঁকি একেবাৰে আধুনিক ধৰণৰ। আচৰিত কথা এই যে তিনি-শ বছৰৰ পূৰ্বেৰ অসমৰ সেনাপতি লাচিত বৰফুকনে নেছনেলিজম্ বা জাতীয়তাবাদৰ এনে সুন্দৰ বিশ্লেষণ কৰিব পাৰিছিল। লাচিতৰ চিন্তাধাৰাক বৰ্ত্তমান যুগৰ ভাষাৰে এনেকৈ ৰূপ দিব পাবি,—‘মোৰ বৰ্ত্তমান কৰ্ত্তব্য হৈছে বিদেশীৰ আক্ৰমণ ব্যর্থ কবি মই দেশৰ স্বাধীনতা অটুটকৈ ৰাখিব লাগিব; ৰাজ্য পৰিচালনাত যাতে স্থিতা আৰু শৃঙ্খলা আনিব পাৰোঁ, যাতে দেশৰ প্রজাবৃন্দই অশান্তি আৰু বিপদৰ হাত সাৰিব পাৰে, আৰু যাতে পো-নাতি দিনলৈকে এই শৃঙ্খলা আৰু শান্তি বিৰাজ কৰিব পাবে।' বৰ্ত্তমান যুগৰ ৰাজনৈতিক পুৰুষসকলে যিবোৰ কথা কয়, আৰু দেশৰ উন্নতিৰ অৰ্থে যিবোৰ কাম হাতত লয়, সিবোৰৰ মূলমন্ত্র গুপ্তমণিৰূপে লুকাই আছে লাচিতৰ এই অমৰ বাণীত । অসমীয়াই জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও লাচিতৰ এই বচনফাঁকি যেন কেতিয়াও নাপাহৰে, – 'মোৰ বজা বক্ষা হব কেনেকৈ ? ৰাইজ ৰক্ষা হব কেনেকৈ ? পাচলৈ বা বক্ষা হব কেনেকৈ ?

 লাচিত আৰু নাই, কিন্তু তেওঁৰ আদৰ্শ আৰু বাণী আজিও জ্বলন্ত জাগ্ৰত হৈ জিলিকি আছে ৷ শৰাইঘাটৰ সঙ্কট আমাৰ সন্মুখত নাই, কিন্তু আমাৰ আগত বিবিধ সানমিহলি সঙ্কট নিত্য বিৰাজমান । শৰাইঘটীয়া দেশপ্রেমেৰে সেইবোৰ সমস্যাৰ