নপতিয়াই খং কৰি বোলে, ‘বঙ্গালে কাটে বুলি তেহেঁতে আগ নাবাঢ়ে, মই কাটিলেও কটা যায়। যিবোৰে যুজিব নোৱাবে সিবোৰৰ মূৰ কাটি দিয়াহক, মই যুজ কৰা মানুহ পাম।' এই বুলি হাড়ীব বাঢ়নি, বেটীৰ মেখেলা গুৱাহাটীৰ ফুকনবোৰলৈ পঠিয়াই দিলে। পাচে স্বৰ্গদেৱৰ আজ্ঞা মানি অসমৰ সৈন্যই আলাবৈত বঙ্গালৰ সৈন্যক ধৰিলেগৈ। সেই যুদ্ধত একেদিনাখনৰ ভিতৰতে অসমৰ দহ হেজাৰ মানুহ পৰিল। শৰাইঘণ্টীয়া সেনাপতিৰ উপদেশ উলঙ্ঘা কৰি গড়গঞা আদেশ প্ৰৱল হোৱাত অসমৰ এনে আগে- পাচে নোহোৱা দুর্গতি ঘটিল।
তাৰ পাচত চাওক, ওচৰ-চুবুৰীয়াৰ জাতিবৃন্দই অসমীয়াৰ প্রতি কিরূপে সহানুভূতি দেখৱাইছিল, আৰু কিৰূপে তেওঁ- লোকক সহায় কৰিছিল। জয়ন্তীয়া ৰজা, নৰ্ত্তঙ্গীয়া ৰজা, কোচবেহাৰৰ ৰজা, এওঁলোকে সেই সময়ত অসম ৰজালৈ দিয়া পত্ৰৰ মৰ্ম্ম এই,—‘মোগলে তোমাৰ দেশ মৰা যেনে আমাৰ দেশ মৰাও তেনে। এতিয়া আমি সকলো একেলগ হৈ যাতে প্রতিশোধ লব পাৰোঁ তালৈহে যত্ন কৰা উচিত।' লাচিত ফুকনৰ লগত অজস্র দাঁতিয়াল সৈন্য আছিল। তেওঁলোকৰ সাহ-পিত দেখি মোগলৰ সেনাপতি ৰামসিংহ স্তম্ভিত হৈছিল ।
শৰাইঘাটৰ যুদ্ধত অসমীয়া জাতিয়ে একতাবদ্ধ হৈ নিজৰ অন্তর্নিহিত গুণবিলাক যিদৰে উজ্জ্বলভাৱে দেখুৱাই থৈ গল, অন্য যুগৰ কাহিনীত তেনে প্রমাণ আমাৰ হাতলৈ অহা নাই। অসমীয়াৰ গাত উচ্চ গুণসমূহ নিশ্চয় আছে, কিন্তু উপযুক্ত