সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

এইটো ৰণহে হৈছে ৷ এইজানি দুই-চাৰিলোক কিয় নপৰিব ? এই কথা ৰাজালৈ জনাবলৈ ভাল নহয় ।' সুবিবেচনাৰে কাৰ্য- পন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্য্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাবেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল, এতিয়াও আৱশ্যক আছে, আৰু আগলৈকো আৱশ্যক হব। সেইদেখিহে পূর্ববতে আমি কৈছোঁ,—শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে ।

 নিলগত থকা ওপৰখাপৰ শাসনকৰ্ত্তাৰ উদ্দেশ্য, আৰু তেওঁৰ অধীনস্থ অধিনায়কৰ অভিমত, এই দুয়োৰে মাজত প্ৰায়েই সংঘ দেখা যায়। স্থানীয় সকলো কথা গমি-পিতি চাই তলৰজনা বিষয়াই ভাবে যে এনে কাৰ্য-পন্থাহে বৰ্ত্তমান ক্ষেত্ৰত শ্ৰেয় । দূৰৈত থকা ওপৰৰজনে অৱস্থাৰ কথা ভালকৈ নাজানি, বা আনৰ কথা শুনি কয় যে অন্য প্ৰকাৰে কাম কৰাহে উচিত । তলৰজনে ওপৰৰজনৰ কথা মানিবলৈ বাধ্য হোৱাত নিজৰ ইচ্ছাৰ বিৰুদ্ধে আৰু নিয়মানুবর্তিতাৰ মৰ্য্যাদা ৰক্ষাৰ কাৰণে, যথানির্দিষ্ট কাম কৰে। তাৰ পৰিণাম বব শোচনীয় হয় ।

 এনে পৰিস্থিতি এটা হৈছিল আলাবৈৰ যুদ্ধত ৷ স্বৰ্গদেৱ চক্ৰধ্বজ সিংহই আনৰ কথা শুনি আজ্ঞা কৰিলে বোলে, ‘আগিয়াঠুৰীৰ কোষৰত থকা বঙ্গাল সৈন্যক ততালিকে ধৰিব লাগে।' গুৱাহাটীৰ ডাঙ্গৰীয়া আৰু ফুকনসকলে কলে, বোলে, —'এতিয়া ধৰিব নোৱাৰি। বঙ্গাল একেঠাই হৈ সাৱধানে আছে, আচল-আবল ঠাই ধৰিবলৈ উপায় নাই। কেঁচা বৰলক জোকালে গা সাৰিবলৈ টান হব।' স্বৰ্গদেৱে শৰাইঘটীয়াৰ কথা