সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
ত্রিপদী

হব। এই দুই প্রকৃতিৰ ভিতৰত! সাম্যভাৱ ৰক্ষা কৰাটোৱেই হৈছে উত্তমপন্থা ৷

 শৰাইঘাটৰ যুদ্ধত এই দুই প্ৰবৃত্তিৰ সুন্দৰ সামঞ্জস্য ঘটিছিল ৷ ক্ষত্ৰশক্তিৰ প্ৰতিমা আছিল স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ আৰু লাচিত বৰফুকন, আৰু গভীৰ চিন্তা আৰু সংযমৰ মূৰ্ত্তি আছিল মহামন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়া। এই দুই শক্তিৰ সমাবেশৰ কাৰণেই অসমীয়াই শৰাইঘাটৰ যুদ্ধত জয়লাভ কৰিছিল, আক সেই জয়ৰ দ্বাৰা অসমীয়াৰ কাৰণে মহান আদর্শ এটা যুগ- যুগান্তৰৰ কাৰণে সোণৰ সঁফুৰাত ভৰাই থৈ যাব পাৰিছিল ।

 সম্ভ্রমবিহীন ভাষাৰে মোগলে পেচকচ্ খোজাত স্বৰ্গদেৱে আদেশ দিলে, বোলে, 'মোগলক তুৰন্তে ধৰিব লাগে।' ইফালে যুদ্ধৰ আয়োজন বিশেষ একো নাই। দেশ উজাৰ কৰি নীরজুমলা এইমাত্র উভতি গৈছে। সেই ভঙ্গাদেশ বাতি আহিলা সংগ্ৰহ কৰি যুদ্ধৰ সন্মুখীন হবলৈ দিন লাগিব ৷ সেই- দেখি বুঢ়াগোহাঁই ডাঙ্গৰীয়াই আগপাচ সকলো কথা স্বৰ্গদেৱক বুজাই কলে । তিনি বছব আয়োজনৰ পাচত অসমে মোগলক পৰাস্ত কৰি গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ কৰিব পাৰিলে ।

 আলাবৈৰ ৰণত দহহেজাৰ অসমীয়া সৈন্য একেদিনে নিহত হোৱাত লাচিত বৰফুকনে মন মাৰি বহি আছে,—‘মোৰ একোটা মানুহ একোটা হাতী, আজি মই তেনে মানুহ দহহাজাৰ হেৰুৱালোঁ। এইকথা স্বৰ্গদেৱলৈ জনাই পঠাওঁ।' বুঢ়া- গোহাঁই ডাঙ্গৰীয়াই লাচিতক হাক দি কলে, 'বাৰীৰ ভিতৰৰ পুখুৰী সিচোতেও আঠোটা-দহোটা মানুহক শিঙ্গিয়ে বিন্ধে।