সিংহলৈ এই সতর্কবাণী লিখি পঠিয়ালে, – ‘শুনিছোঁ সি দেশত নামধৰ্ম্ম নামকীর্ত্তন সততে প্ৰৱৰ্ত্তিছে, আৰু গো-ব্রাহ্মণ বৈষ্ণৱ কুশলে আছে । এইসকলক তললৈ দিলে কি হয়, তাক জানে। তাক মাৰি মাজুম-খাঁ কতকাল বঞ্চিল, ইঠাই নেপালেহি ! আকচাই ফিৰি আহিলহে যোগ্য । আকে চাই যেখান কৰে।'
এই নামধৰ্ম্মই হৈছে অসমীয়াৰ ৰক্ষাৰ কবচ, টেলিচমেন। এই নামধৰ্ম্ম বিলোপ হলে অসমীয়াৰ জাতীয় প্ৰাণৰো বিলোপ হব। অসমীয়া সাৱধান !
তাৰ পাচত গুৱাহাটীৰ সন্মুখত থকা কামাখ্যা গোসাঁনীৰ পীঠ কামাখ্যা মন্দিৰ। তাৰ কাষৰতে উত্তৰে শৰাইঘাটৰ ৰণস্থলী। আহোম ডা-ডাঙ্গৰীয়া সেনাপতি সকলোৱে গোসানীক তুতি কৰি বৰ মাগিলে, – 'মাও, বঙ্গালখিনিক খাই দিয়া।” জাগ্রত কামাখ্যা গোসানীয়ে সেৱকৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে ৷ আক্ৰমণকাৰী বঙ্গাল বিভঙ্গে পলাল । এই কামাখ্যা পীঠো অসমীয়াৰ চিৰন্তন সম্পদ, ভাৰতৰ হিন্দুপ্ৰাণৰ লগত অসমৰ সংযোগৰ সেতু। ইয়াকো লোপ হবলৈ নিদিব । যিসকলে শত্ৰু হৈ অসম সোমায় তেওঁলোকৰ পৰা ৰক্ষা পাবলৈ কামাখ্যা মাওৰ আশীৰ্বাদ যুগে-যুগে প্রয়োজন ।
শৰাইঘাটৰ কাৰ্য্যপন্থা আৰু এটি কথাত অতুলনীয় আছিল। সৈন্যবাহিনীৰ কেবাটাও অঙ্গ, হাতী-ঘোৰা, নাও-নাৱৰা, অস্ত্ৰ- শস্ত্র, চাউল-যোগনীয়া, ইত্যাদি । ইয়াৰ প্ৰত্যেকে আনবোৰেৰে সৈতে একেলগ হৈ এক উদ্দেশ্যত কাম কৰিব নোৱাৰিলে, তাৰপৰা বিষম বেমেজালি আৰু অনিষ্ট হয় ।