অৱস্থাৰ পৰা নিজকে ৰক্ষা কৰিছিল। মোগলে কোৱামৃদ্ধাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ কলে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱাদ্ধাৰ নাও । হাজৰিকাই কলে,— 'মই নাচিম । ঢোল-মৃদঙ্গ, খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা ।' এনেতে নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগলবোৰ চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱা- বলৈ। নাচোনৰ চেও দেখি বঙ্গাল সৈন্য মচ্গুল হল । এই ছেগতে কোৱাৰ নাওখন মূৰ ভিৰাই সাউত কৰে আঁতৰি গল । মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোতেই অসমীয়া নাও গৈ নিজৰ ঠাই পালেগৈ । অসমৰ নৃত্য-কলাই যুদ্ধৰ সঙ্কটতো পৰিত্ৰাণৰ বাট মুকলি কৰি দিছিল ।
তাৰ পাচত অসমৰ সন্ত-মহন্ত বৈষ্ণৱসকলৰ কথা । বহুতে
আমাৰ এই মহাপ্ৰাণ বৈষ্ণৱ ধৰ্ম্মক মণ্ডমহীয়া, তুলসীপতীয়া,
আশীবর্বদীয়া এইবোৰ আখ্যা দিয়ে, ই যেন নিৰ্জ্জীৱ, ইয়াত যেন
একো শক্তি সামর্থ্য নাই ৷ কিন্তু তিনি-শ বছৰৰ পূৰ্বে অসমত
গো-ব্রাহ্মণ সাধু-বৈষ্ণৱসকলে সুখে-শান্তিয়ে কাল কটাইছিল।
আওৰংজেৱ পাদশ্যাহৰ শাসন-পদ্ধতিৰ ভ্ৰান্তিমূলক নীতিৰ কবলত
পৰি হিন্দু অনুষ্ঠানবৰ্গৰ মৰো-জীওঁ অৱস্থা হৈছিল। এনে
সময়ত অসমখন ভাৰতীয় হিন্দুৰ চকুত এখন আদৰণীয় সুপবিত্ৰ
দেশ হৈ পৰিছিল । এনেহেন কালিকা লগা দেশক আক্রমণ
কৰি তাৰ প্ৰজাসকলক কষ্ট দিলে নিজৰহে অনিষ্ট হব পাৰে,
সেইদেখি ৰামসিংহ ৰজাৰ মাকে আৰু ৰজাৰ কুঁৱৰীয়ে ৰাম-