সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

অৱস্থাৰ পৰা নিজকে ৰক্ষা কৰিছিল। মোগলে কোৱামৃদ্ধাক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ কলে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱাদ্ধাৰ নাও । হাজৰিকাই কলে,— 'মই নাচিম । ঢোল-মৃদঙ্গ, খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা ।' এনেতে নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগলবোৰ চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱা- বলৈ। নাচোনৰ চেও দেখি বঙ্গাল সৈন্য মচ্গুল হল । এই ছেগতে কোৱাৰ নাওখন মূৰ ভিৰাই সাউত কৰে আঁতৰি গল । মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোতেই অসমীয়া নাও গৈ নিজৰ ঠাই পালেগৈ । অসমৰ নৃত্য-কলাই যুদ্ধৰ সঙ্কটতো পৰিত্ৰাণৰ বাট মুকলি কৰি দিছিল ।


 তাৰ পাচত অসমৰ সন্ত-মহন্ত বৈষ্ণৱসকলৰ কথা । বহুতে আমাৰ এই মহাপ্ৰাণ বৈষ্ণৱ ধৰ্ম্মক মণ্ডমহীয়া, তুলসীপতীয়া, আশীবর্বদীয়া এইবোৰ আখ্যা দিয়ে, ই যেন নিৰ্জ্জীৱ, ইয়াত যেন একো শক্তি সামর্থ্য নাই ৷ কিন্তু তিনি-শ বছৰৰ পূৰ্বে অসমত গো-ব্রাহ্মণ সাধু-বৈষ্ণৱসকলে সুখে-শান্তিয়ে কাল কটাইছিল। আওৰংজেৱ পাদশ্যাহৰ শাসন-পদ্ধতিৰ ভ্ৰান্তিমূলক নীতিৰ কবলত পৰি হিন্দু অনুষ্ঠানবৰ্গৰ মৰো-জীওঁ অৱস্থা হৈছিল। এনে সময়ত অসমখন ভাৰতীয় হিন্দুৰ চকুত এখন আদৰণীয় সুপবিত্ৰ দেশ হৈ পৰিছিল । এনেহেন কালিকা লগা দেশক আক্রমণ কৰি তাৰ প্ৰজাসকলক কষ্ট দিলে নিজৰহে অনিষ্ট হব পাৰে, সেইদেখি ৰামসিংহ ৰজাৰ মাকে আৰু ৰজাৰ কুঁৱৰীয়ে ৰাম-