সেই খোজনীয়া মনক প্রশ্রয় দি আৰু বেছি মূল্যবান বস্তু খোজাৰ পথত সেই কটকীক থিয় কৰাব পাৰিব । তাৰ পাচত মূল্যবান উপহাৰেৰে কটকীৰ মন ভুলাই তেওঁলোকৰ হতুৱাই যি ইচ্ছা তাকে কৰাব পাৰিব। ৰামসিংহৰ চ'ৰাত ৰং-দেখুৱা কাঠৰ চৰাইৰ পোনে অসম কটকী ৰামচৰণে ঘনে ঘনে চাইছিল । পাচে বামসিংহে কটকীৰ হেপাহ দেখি সুধিলে, বোলে, - ‘অসমৰ উকীল, কি লাগে খোজ, মই দিওঁ। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে, বামসিংহই দুটা চৰাই দিলে৷ লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। লগব কটকী নিনে গৰিহণা দি কলে, – “ছিঃ, এনে মানুহৰ লগত কোনে বিদেশলৈ যায় !”
দুটি সামান্য কাঠৰ চৰাই৷ তালৈকে ৰামচৰণৰ লোভ লাগিল । এই লোভক ধ্বংস নকৰিলে সি গৈ সৈনিকৰ মন কলুষিত কৰাৰ আশঙ্কা। লাচিতে এই সামান্য প্রলোভনকো প্রশ্রয় নিদিছিল। ধন্য লাচিত !
লাচিত বৰফুকনৰ লগত এজন বিচক্ষণ জ্যোতিষী আছিল, নাম চূড়ামণি দৈৱজ্ঞ। অসমৰ উকীল ভকতদাহক ৰামসিংহ বজাই কলে,—‘চূড়ামণিক যদি মোক আনি দিব পাৰা, তেওঁক মই মাঁহে ৪,০০০ টকা দৰ্ম্মহা দি ৰাখিম, আৰু তোমাক ১০,০০০ টকা পুৰস্কাৰ দিম।' এই প্রলোভনত পৰি ভকতদাহে চূড়ামণিক চুৰ কৰি নিবলৈ ৰাতি তেওঁৰ ঘৰৰ দুৱাৰমুখত থিয়া-থিয়ি কৰিছিল। চূড়ামণিয়ে সকলো কথা লাচিতক গোচৰ দিয়াত