সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
ত্রিপদী

 লাচিতৰ এই ঘোষণাই হল শৰাইঘাটৰ যুদ্ধজয়ৰ মূলমন্ত্র। তেওঁৰ নিজব বঙহ-পৰিয়ালকো মৃত্যুদণ্ডৰ পৰা অব্যাহতি নিদিছিল । নিজৰ মোমায়েকক কটা কথাতে তাৰ প্রমাণ ।

 অগ্নি, সৰ্গ আৰু প্রলোভন, এই তিনি একেশ্ৰেণীৰ বিষাক্ত জীৱ। দপদপ্ কৰে জ্বলি থকা ডাঙ্গৰ জুইৰ পৰা খাণ্ডৱ দাহ হব পাৰে, এধানমান টিঙ্গিৰি জুইৰপৰাও ঘৰবাৰী গাওঁ-ভুই উচ্ছন্ন হব পাৰে । ফেঁটী সাপৰ খোঁটত মানুহ মৰে, তেনেকৈ ছয়-আঙ্গুলীয়া খন্টি সাপে কামুৰিলেও মানুহৰ প্ৰাণনাশ ঘটিব পাৰে। প্রলোভন সৰ্প এবাৰ যুদ্ধৰ শিবিৰত সোমালে, সেই প্রলোভন ব্যাপক হৈ যুদ্ধ জয়ৰ সম্ভাৱনা সমূলে ধ্বংস কৰিব, আৰু তাৰ পৰিণামত দেশৰ সৰ্বনাশ সংঘটিত হব। লাচিত বৰফুকনে এই প্রলোভনৰ স্বভাৱ দুপতীয়াতে নষ্ট কৰিছিল । মোগল সেনাপতি ৰামসিংহই অসমীয়া সৈনিক আৰু সেনা- নায়কক প্রলোভনেৰে বশ কৰিবলৈ দুৰ্জয় চেষ্টা কৰিছিল; কিন্তু তেওঁ কৃতকাৰ্য্য হব নোৱাৰিলে । ধন্য শৰাইঘটীয়া অসমীয়া !

 ৰাজপুতনাৰ ফালে এতিয়াও হাতেৰে সজা কাঠৰ চৰাইৰ নাচ দেখা পোৱা যায় ৷ টিপচী কাঠৰ চৰাইক চকুৰে মনিব নোৱাৰা অতি মিহিসূতাৰে ইফাল-সিফাল কৰি উৰুৱাই নানা বিধ নৃত্য দেখুৱাই দৰ্শকৰ মনত বিস্ময় জন্মায়। অসমীয়া কটকী ৰামচৰণ আৰু নিম ৰামসিংহৰ তালৈ যাওঁতে ৰাজপুত ৰজাই এনেধৰণৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। উদ্দেশ্য আছিল আমাৰ কটকীয়ে যেন সেই চৰাই এটি-দুটি খোজে। এবাৰ যদি লোভ সামৰিব নোৱাৰি খোজাৰ প্ৰবৃত্তি জন্মাব পাৰে ৰামসিংহই