সৈন্য আছিল । তাৰ অধিকাংশ সামৰিক, অর্থাৎ ৰণৰ কাৰ্য্যত পোনপটীয়াকৈ লিপ্ত । আৰু আনবিলাক আছিল ৰণৰ আলু- ষঙ্গিক যাৱতীয় কামত লিপ্ত। এই একলক্ষ সৈন্যৰ প্ৰাণ-মন যাতে কৰ্তব্যৰ পৰা একতিলো বিচলিত নহয় তাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিছিল! কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল, বোলে, “যুদ্ধৰ কামত পাচহু হুহকিলে মই এই হেংদানেৰে দুডোখৰ কৰি কাটিম, পাচতহে স্বৰ্গদেৱক জনাম।” অসমৰ নিয়মমতে স্বর্গ- দেৱেহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্রচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্রীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰকুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা কলে,—“বৰ- ফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয় লাভ হব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। স্বৰ্গদেৱে বৰ- কুঁৱৰীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠিয়ালে, বোলে, — ‘ফুকনৰ কথাই মোৰ কথা ।”
যিসকলে ভাবে যে পূৰ্ব্বকালত অসমীয়া তিৰোতা অকল চোতালকুঁৱৰী আছিল, তেওঁলোকৰ ধাৰণা একেবাৰে অসত্য । আমাৰ আইসকলে দেশৰ সঙ্কটৰ সময়ত পৰামৰ্শ উপদেশ আদিবে ৰাজকাৰ্য্যত সহায় কৰিছিল, আৰু খেনোৱে হাতত হেংদান লৈ সন্মুখ সংগ্ৰামত নিজে গৈ যুঁজ কৰিছিল ! ধন্য অসমীয়া আইসকল