সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে

ৰামসিংহ হৈছে মোগলৰ ভৃত্য ছত্রহীন ৰজা । ম‍ই কেলৈ এনে শুদা মানুহৰ লগত যুঁজ কৰিম ?”

 ৰামসিংহই কলে,— 'মোক গুৱাহাটী এৰি দিয়া, তোমা- লোকক যি লাগে তাকে দিন। অসমীয়াই কলে,—“ৰামসিংহই গুৱাহাটী খুজিছে, আমি গুৱাহাটী এৰি কলৈ যাম ? গুৱাহাটী এবি দিলে, আমি গড়গাৱলৈ উভতি যাব লাগিব ৷ পাচলৈ আমি গড়গাৱোঁ এৰিব লাগিব । অৱশেষত, গড়গাওঁ এৰি নামৰূপলৈ যাব লাগিব । এতেকে আমি গুৱাহাটী এৰি দিব নোৱাৰোঁ ।

 এইদৰে মোগলী ফন্দিৰে নোৱাৰি ৰজা ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় লবলৈ চেষ্টা কৰিলে । মোগলৰ নাও উজাই আহি ক্ৰমে কামাখ্যাৰ আমবাজুৰি ঘাট পালেহি । লাচিতৰ তেতিয়া ভীষণ জ্বৰ । সেই জ্বৰৰ গাৰে নাও মেলি দিলে, বঙ্গালৰ নাৱৰ পোনে । নাৱত উঠি লাচিতে বজ্রনাদেৰে চিঞৰি ক'লে,—‘অসমীয়া ৰণুৱাসকল, ম‍ই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো পুতি থবা, নাইবা মোক বঙ্গালে ধৰি লৈ যাওক, তোমা- লোকে সুখেৰে ঘৰলৈ উভতি যোৱা।' লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। বঙ্গালৰ নাৱলৈ অসমীয়া নাও খেদি গল । তাৰ পাচত তয়াময়া কটা-কটি ৰণ। মানুহৰ শৱ লুইতৰ পানীত জাঁজিৰ দৰে উটি যাবলৈ ধৰিলে ।বঙ্গাল বিভঙ্গ হৈ পলাল ৷

 যাবৰ সময়ত ৰামসিংহই কৈ গল, — 'ধন্য ৰাজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা ! অকল এজন মানুহে সকলো সৈন্য