সমললৈ যাওক

পৃষ্ঠা:ত্ৰিপদী.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
ত্রিপদী

তেওঁৰ লগৰ শৰাইঘটীয়া বীৰপুৰুষসকলৰ শৌর্য্য-বীর্য্য দেশপ্রেম আদিৰ কথা অসমীয়াক সোঁৱৰাই দি, আৰু শৰা‍ইঘটীয়াৰ আদর্শমতে দেশসেৱাৰ ব্ৰতত উদগনি আৰু উৎসাহ দি যি মহৎ কাম সাধিছে তার যথাযথ মূল্য, এতিয়া নহলেও, পাচে-পৰে সকলোৱে ভালকৈ বুজিব। এই বছৰেকীয়া অনুষ্ঠানৰ তুঁহ- জুইৰ পৰা লাচিতৰ দৰে বীৰ-বীৰঙ্গ সদ্যহতে নোলাব পাৰে। কিন্তু এই তুঁহজুইতে তেনে অগ্নিময় বীপুৰুষৰ আগমনীৰ সম্ভাৱনা লুকাই আছে । কেতিয়াবা, আৱশ্যকমতে, যথাসময়ত এই লাচিত মেলাত হোৱা আলোচনা আৰু অনুপ্রেৰণাৰ ফলত তেনে বীৰপুৰুষ ওলাব, এইটো মোৰ অকাট্য ধাৰণা আৰু বিশ্বাস। এই লাচিত মেলাক লাচিত বৰফুকনৰ মাতৃদেবী বুলি গণ্য কৰক, এই মাতৃৰ গৰ্ভৰ পৰা আকৌ লাচিতৰ জন্ম হব। সেইদিনা এই লাচিত মেলাৰ উপকাৰিতা সকলোৱে মানিব । আৰু ইয়াৰ উদ্যোক্তাসকলে যি দূৰদৰ্শী দেশপ্রেমৰে ইমান কষ্ট সহ্য কৰি বছৰি লাচিত মেলাৰ আয়োজন কৰিছে, তেওঁলোকৰ পৰিশ্ৰম তেতিয়া সার্থক হব। সেইদেখি এই লাচিত মেলা অনুষ্ঠানৰ সুদীর্ঘ জীৱন অন্তৰৰ পৰা কামনা কৰিছোঁ ৷

 এই জাঁজীত যে লাচিত মেলাৰ অধিবেশন পতা হয়, সেইটো বৰ উপযোগী হৈছে, কাৰণ, জাঁজী, চাৰিং, আৰু তাৰ ওচৰচুবুৰীয়া যিবোৰ গাওঁ সেই সকলো মিলি এই অঞ্চল আগৰ দিনৰেপৰা এডোখৰ মহান স্থপবিত্ৰ ঠাই। স্বাধীন অসমৰ স্বৰ্গদেৱ, ডা-ডাঙ্গৰীয়া, ফুকন-বৰুৱা, কটকী-কাকতি, ব্রাহ্মণ-