বিষয়ৰ উৎকৰ্ষৰ পাৰিজাত পুষ্পেৰে ।আমাৰ উৎকৰ্ষ কিহত ?
আমি অসমীয়াই বিভিন্ন জাতিক বুকুত সুমুৱাই লব পাৰিছোঁ, কাৰণ আমাৰ সমাজনীতি উদাৰ আৰু আমাৰ হৃদয় প্রশস্ত। প্ৰেম-অমৃতৰ নদীয়ে অসমীয়াৰ অন্তৰ প্লাবিত কৰিছে । অসমীয়াই ঘোষণা কৰিছে যে ভক্তিমন্ত পুৰুষহে প্রকৃত গুণৱন্ত, জন্ম আৰু ঐহিক ঐশ্বৰ্য্যৰ তাৰতম্য হৈছে আকস্মিক আৰু খন্তেকীয়া ৷
অসমীয়াৰ পাণ্ডিত্যই দেশবিদেশৰ পণ্ডিতক মুগ্ধ কৰিছে, আৰু অসমীয়াৰ জ্ঞানস্পৃহা দেখি বিদেশীসকলো বিস্ময়ান্বিত হৈছে।
কৰ্ম্মক্ষেত্ৰতো অসমীয়া আগৰণুৱা ৷ অসমীয়া গৃহস্থালি আৰু অসমীয়া গাওঁ-ভূইৰ দৰে চকুৰোৱা দৃশ্য, মুনিহ-তিৰুতাৰ বহুমুখী কাৰ্য্য-কুশলতা, আৰু অসমীয়াৰ দৰে মার্জিত গাৱঁলীয়া সামাজিক আৰু সমাজ পৃথিবীত ক'তো পাবলৈ নাই। ৰজাঘৰীয়া খেল-সংগঠনে অসমীয়াক চিৰকাললৈ একতাৰ ডোলেৰে বান্ধি থৈছে ৷ অসমীয়াৰ সমশক্তি ভুৱন-বিজয়ী বীৰসকলৰ আতঙ্কৰ বস্তু আছিল, যুদ্ধৰ কাৰণে অসমীয়াই গুৱাহাটীৰ উত্তৰে-দক্ষিণে দেৱৰো-দুর্গম বিশ্বকৰ্ম্মা নিৰ্ম্মিত হেন গড় সাজিব পাৰিছিল ।
ভক্তি, জ্ঞান আৰু কৰ্ম্ম, এই তিনি মাৰ্গৰ এনে সুমধুৰ সংমিশ্রণ পৃথিবীত বিৰল। এই সংমিশ্রণেই হৈছে জগতৰ সভ্যতালৈ অসমীয়াৰ অভিনৱ অৱদান ।